নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ পৰিৱেশ অনুকূলত থাকিব৷ ঘৰত কোনো প্রিয়জনৰ আগমন ঘটিব পাৰে৷ নতুন কোনো কামত সফল হ’ব পাৰিব৷ আর্থিক উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ ব্যৱসায়ত উন্নতি৷ প্রেমত অশুভ ফল৷
বৃষঃ সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে৷ ক্রোধ নিয়ন্ত্রণত ৰখাৰ চেষ্টা কৰক৷ বাধাৰ মাজেৰে কর্মত সাফল্যৰ যোগ৷ ব্যৱসায়–বাণিজ্যত মধ্যম ফলদায়ক৷ প্রেম–প্রীতিত অশুভ ফল৷
মিথুনঃ শুভ বুধৰ প্রভাৱত আয় উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ নতুন যোগৰ ক্ষেত্রত সাফল্য আহিব৷ দিনটোত নতুন কোনো পৰিকল্পনা গ্রহণ কৰিব পাৰে৷ দাম্পত্য আৰু প্রেমত শুভ৷
কর্কটঃ মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব৷ একাধিক সুযোগ–সুবিধা বেয়া হ’ব পাৰে৷ বিভিন্ন কাৰণত দিনটোত আর্থিক ব্যয়ৰ পৰিমাণ বৃদ্ধি৷ পাৰিবাৰিক দিশত কিবা বিষয়ক লৈ কোনোবাৰ লগত মতানৈক্য দেখা দিব পাৰে৷ ভ্রমণৰ যোগ, প্রেমত শুভ৷
সিংহঃ পাৰিবাৰিক দিশত অশুভ পত্নীৰ কাৰণে চিন্তা৷ অশুভ ৰাহুৰ কাৰণে আয় উন্নতিৰ ক্ষেত্রত বাধা থাকিব৷ প্রেম, দাম্পত্য বা পাৰিবাৰিক বিষয়ক লৈ কাজিয়া পেছালৰ সম্ভাৱনা দেখা যায়৷ বিদ্যার্থীৰ মধ্যম ফল৷
কন্যাঃ পৰিশ্রমৰ অনুপাতে দিনটোত আয় উন্নতি কম হ’ব৷ শত্রু পক্ষৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে৷ কর্মক্ষেত্রত সহকর্মীৰ সহযোগিতা পাব৷ প্রেম আৰু দাম্পত্যত শুভ৷
তুলাঃ বিশেষ কেনো গুণৰ বাবে সন্মানপ্রাপ্তিৰ যোগ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ মানসিক অশান্তি থাকিব৷ কর্মক্ষেত্রত সৰু সুৰা সমস্যা আছে যদিও সমাধান কৰিবলৈ সক্ষম হ’ব৷
বৃশ্চিকঃ শনি অশুভ হোৱাৰ বাবে খং ৰাগ অত্যধিক বৃদ্ধি পাব৷ অনাৱশ্যক কাৰণত ব্যয় বৃদ্ধিৰ যোগ৷ কিবা কাৰণত টকা–পইচা ঋণ ল’ব লগা হ’ব পাৰে৷ গতিকে দিনটোত সাৱধানতা অৱলম্বন কৰিব৷
ধনুঃ শাৰীৰিক দিশত আঘাতপ্রাপ্তিৰ যোগ৷ গতিকে চলা–ফিৰাত সতর্ক থাকিব৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব যদিও সেই অনুপাতে আর্থিক উন্নতিৰ ক্ষেত্রত বাধা থাকিব৷ প্রেম আৰু দাম্পত্যত শান্তি বজাই থাকিব৷ ব্যৱসায়ত উন্নতি৷ বিদ্যার্থীৰ মধ্যম ফল৷
মকৰঃ কর্মক্ষেত্রত খ্যাতি আৰু সুনাম বৃদ্ধিৰ যোগ কিছু ক্ষেত্রত ন্যায্যপ্রাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে৷ পাৰিবাৰিক ক্ষেত্রত মধ্যম ফলদায়ক হ’ব৷ আপোনাৰ বিশ্বাসী কোনোবাৰ দ্বাৰা ক্ষতিগ্রস্ত হ’ব পাৰে৷ বিদ্যার্থীৰ শুভ৷
কুম্ভঃ কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব৷ আর্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব৷ আর্থিক ক্ষেত্রত দিনটো শুভ ফলদায়ক হ’ব যদিও দৈনন্দিন খৰচৰ পৰিমাণো বৃদ্ধি পাব৷ শত্রুৰ তৎপৰতা বৃদ্ধি পাব৷ গতিকে শত্রুৰ পৰা সতর্ক থাকিব৷
মীনঃমীন ৰাশিৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি৷ আবেলিৰ ভাগত কিছু ঝামেলা দেখা দিব পাৰে৷ কিবা কাৰণত পাৰিবাৰিক শান্তি বিস্মিত হোৱাৰ সম্পর্কে বিদ্যার্থীৰ শুভ৷

You might also like