মালিগাঁৱৰ ৰে’লৱে নির্মাণ মহাপ্রবন্ধকৰ কার্যালয়ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যঃ হত্যাৰ সন্দেহ
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত হৈছে এটাৰ পাছত আনটো নৃশংস হত্যাকাণ্ড৷ কিছুদিন পূর্বে মালিগাঁৱত দুর্বৃত্তই বাটামেৰে মৰিয়াই মৰিয়াই এগৰাকী নৈশ চকীদাৰক হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আজি মালিগাঁৱৰ এন এফ ৰে’লৱে নির্মাণ মহাপ্রবন্ধকৰ কার্যালয়ৰ জংঘলৰ মাজত এজন লোকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ আজি পুৱা স্থানীয় লোকে মৃতদেহটো প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰে৷ মৃত লোকজন আফজল আলী চৌধুৰী (৪৩) বুলি চিনাক্ত কৰা হৈছে৷
মঙলবাৰৰ পৰাই নিৰুদ্দিষ্ট হৈ থকা আফজল আলী চৌধুৰীৰ ম’বাইল ফোনটোও ছুইচ অফ হৈ আছিল৷ ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া, চি আই ডি, ফৰেনচিকৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ প্রাথমিক তদন্তৰ অন্তত কোনো দুর্বৃত্তই আফজলক হত্যা কৰি উক্ত স্থানত পেলাই থৈ যোৱা বুলি সন্দেহ প্রকাশ কৰিছে৷ আফজলৰ শৰীৰত আঘাতৰ চিন স্পষ্ট৷ আৰক্ষীয়ে মৃতদেহৰ কাষতে ম’বাইল, চশমা আৰু মানিবেগ উদ্ধাৰ কৰে৷ উল্লেখ্য যে কালি বিয়লি ৫ বজালৈকে আফজলক বহু লোকে প্রত্যক্ষ কৰিছিল৷ কিন্তু নিশা আফজল ঘৰলৈ নোযোৱাত আৰু ম’বাইল ফোনৰ ছুইচ বন্ধ হৈ থকাত পৰিয়ালৰ লোকে জালুকবাৰী থানাত আফজল নিৰুদ্দিষ্ট হৈ থকা বুলি এজাহাৰ দাখিল কৰে৷ পৰিয়ালৰ লোকে আফজলক কোনো লোকে হত্যা কৰি উক্ত স্থানত পেলাই থৈ যোৱা বুলি সন্দেহ প্রকাশ কৰিছে৷ আফজলৰ এই হত্যাকাণ্ডত জড়িত লোকসকলক কঠোৰ শাস্তি প্রদানৰ দাবী উত্থাপন কৰে পৰিয়ালৰ লোকে৷