নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ৰহাত চোৰাং গৰুসহ‌ ৫ জনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা  ১১ নবেম্বৰ: নগাঁও আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ২৫ টা গৰু সহ এখন ট‌্ৰাক আৰু এখন চুইফট ডিজায়াৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱবৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি ৰহাৰ ওচৰত অভিযান চলাই এই সফলতা লাভ কৰে।আৰক্ষী য়ে জনোৱা মতে দিছপুৰ জিলাৰ পাঁচমাইলৰ পৰা চোৰাং গৰু ভৰ্তি ট্ৰাকখন নগাঁও জিলাৰ ৰহা হৈ কামৰূপ জিলাৰ যোৰাবাটেৰে মেঘালয়লৈ নিয়াৰ চেষ্টা কৰিছিল। মেঘালয়ৰ পৰা ঘৰখিনি বাংলাদেশলৈ প্ৰেৰণ কৰা পৰিকল্পনা আছিল। চোৰাং গৰু ভৰ্তি ট্ৰাকখনক চুইফট ডিজায়াৰ গাড়ী খনত অহা তিনিজন লোকে সুৰক্ষা প্ৰদান কৰিছিল। আৰক্ষীয়ে এই সন্দৰ্ভত ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক কেইজন হ’ল- বৰপেটাৰ আজমত আলি, নগাঁও জিলাৰ ৰূপহী হাটৰ চফিকুল আলি, মুকছিদুল ৰহমান, আমিনুল হাচান ,গুলজাৰ হুছেইন। আৰক্ষীয়ে এ এছ ০২ এ ডি ৬১৫৫ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ী আৰু এ এছ ২৩ এ চি ০৯৭৮ নম্বৰৰ ট্ৰাক জব্দ কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা নগদ ৩৭,০০০ টকা আৰু ৫টা ম’বাইল ফোন জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা গৰুখিনিৰ মূল্য প্ৰায় ২০ লাখ টকা।

You might also like