নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত আছুচ ফাউণ্ডেচনৰ প্ৰশিক্ষণৰ অন্তত সামৰণি সভা

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰ : ভাৰত চৰকাৰৰ সংখ্যালঘু মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত স্বেচ্ছাসেৱী সংগঠন আছুচ ফাউণ্ডেচনৰ উদ্যোগত ‘ নঈ ৰশ্নি ‘ আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা সংখ্যালঘু মহিলা সকলক আজি আনুষ্ঠানিকভাৱে মানপত্ৰ প্ৰদান কৰা হয়।এই উপলক্ষে লাহৰীঘাট উন্নয়ন খণ্ডৰ সমূহীয়া ভৱনত ফাউণ্ডেচনৰ মৰিগাঁও জিলাৰ সভাপতি উপেন ডেকাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথিৰূপে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক আব্দুল কুদ্দুছ,বিশিষ্ট অতিথিৰূপে কাঠনি গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰৌজলীন ফাৰুকী উপস্থিত থাকে।

উল্লেখযোগ্য যে ফাউণ্ডেচনৰ সচিব এ হাজৰিকাই আঁত ধৰা সভাখনত ‘ নঈ ৰশ্নি ‘ আঁচনিৰ অধীনত মাহজোৰা প্ৰশিক্ষণ সমাপ্ত কৰা লাহৰীঘাট অঞ্চলৰ ১৭৫ গৰাকী মহিলাক একোখনকৈ মানপত্ৰ প্ৰদান কৰে।স্মৰ্তব্য যে আছুচ ফাউণ্ডেচনৰ উদ্যোগত লাহৰীঘাটৰ কাঠনি গাঁও পঞ্চায়তত যোৱা ১১ অক্টোবৰৰ পৰা মাহজোৰাকৈ ‘ নঈ ৰশ্নি ২০১৯-২০ ‘ ৰ অন্তৰ্গত সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা সকলৰ নেতৃত্বত বিকাশ আৰু সৱলীকৰণ প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল।

You might also like