বালিপৰাত কাঠভৰ্তি ট্ৰাক জব্দ
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ শোণিতপুৰৰ বালিপৰাত যোৱানিশা চাৰিদুৱাৰ আৰক্ষীয়ে জব্দ কৰে কাঠভৰ্তি এখন দহচকীয়া ট্ৰাক । চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদে সংবাদ মাধ্যমক জনোৱা অনুসৰি যোৱানিশা অৰুণাচল প্ৰদেশৰপৰা এ এছ ০৭ এ চি ০৮২৩ নম্বৰৰ এখন দহচকীয়া ট্ৰাকে কাঠ কঢ়িয়াই বাইহাটা চাৰিআলিলৈ বুলি নি থকা অৱস্থাত
বালিপৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা আৰক্ষীৰ নিয়মীয়া তালাচী জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ মতে উক্ত ট্ৰাকখনে নথি-পত্ৰত উল্লেখ থকাতকৈ অধিক কাঠ কঢ়িয়াই আনিছিল । লগতে কাঠখিনিৰ নথি-পত্ৰৰো বিসংগতি পোৱা গৈছে । জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য লক্ষাধিক টকা হ’ব বুলি বনবিভাগৰ সূত্ৰই জনাইছে । আনহাতে আজি পুৱা ট্ৰাকখন কাঠসহ চাৰিদুৱাৰ আৰক্ষীয়ে চাৰিদুৱাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ক হস্তান্তৰ কৰিছে ।