আইমী বৰুৱাৰ ‘ছেমখৰ’সহ ভাৰতৰ তিনিখন কথাছবি নির্বাচিত
নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ গোৱাত অনুষ্ঠিতব্য ৫২সংখ্যক ‘ভাৰতীয় আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ’ৰ আন্তঃৰাষ্ট্রীয় প্রতিযোগিতা শাখালৈ নির্বাচিত ১৫খন ছবিৰ তালিকাত অন্তর্ভুক্ত হৈছে অসমৰ জনপ্রিয় অভিনেত্রী আইমী বৰুৱা পৰিচালিত তথা অভিনীত ‘ছেমখৰ’৷ বিশ্বৰ প্রায় আঢ়ৈ হাজাৰ ছবিৰ মাজৰ পৰা চলচ্চিত্র মহোৎসৱখনৰ আন্তঃৰাষ্ট্রীয় প্রতিযোগিতা শাখাৰ বাবে মুঠ ১৫খনক নির্বাচিত কৰা হৈছে৷ ইয়াৰে ডিমাচা ভাষাৰ ‘ছেমখৰ’সহ তিনিখন ভাৰতৰ ছবি৷ ফিনলেণ্ড, পাৰাগুৱে, ৰোমানিয়া, জাপান, বাংলাদেশ আদি ৰাষ্ট্রৰ ছবিৰ সৈতে অসমৰ ‘ছেমখৰ’এ সন্মানীয় চলচ্চিত্র প্রতিযোগিতাখনত অংশগ্রহণ কৰিব৷
মন কৰিবলগীয়া যে ‘ছেমখৰ’ হৈছে প্রথমগৰাকী মহিলা পৰিচালকৰ ছবি, যিয়ে সেই মহোৎসৱৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র প্রতিযোগিতা শাখাত ভাৰতক প্রতিনিধিত্ব কৰিব৷ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ অধীনস্থ চলচ্চিত্র সমাৰোহ সঞ্চালকালয়ৰ লগতে গোৱা চৰকাৰৰ উদ্যোগত অহা ২০ৰ পৰা ২৮ নৱেম্বৰলৈ ৫২সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত হ’ব৷ ‘ছেমখৰ’ৰ উপৰি অসমৰ আন তিনিখন ছবিয়ে ইতিপূর্বে চলচ্চিত্র মহোৎসৱখনত ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত হৈছিল৷ আন তিনিখন ছবি হ’ল–‘ফিচাৰ ফিল্ম’ শিতানত ছিজৌ (বড়ো), বোম্বা ৰাইড (মিচিং) আৰু ‘নন–ফিচাৰ ফিল্ম’ শিতানত বীৰাংগনা (অসমীয়া)৷