নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২৬,২৭ আৰু ২৮ নৱেম্বৰত উত্তৰ -পূৱ যুৱ সমাৰোহ

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ যুৱ সংসদ, ভাৰতীয় শিক্ষণ মণ্ডল, উত্তৰ অসম প্ৰান্তৰ উদ্যোগত অহা ২৬, ২৭ আৰু ২৮ নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ‘উত্তৰ-পূৱ যুৱ সমাৰোহ’ অনুষ্ঠিত হ’ব। উত্তৰ-পূৱৰ যুৱ শক্তিৰ বৌদ্ধিক উত্তৰণ তথা একত্ৰিকৰণৰ উদ্দেশ্য আয়োজিত এই অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ’ব। অঞ্চলটোৰ আগশাৰীৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ ছাত্ৰ, যুৱ গৱেষকৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহত দেশৰ বহুকেইজন বিশিষ্ট চিন্তাবিদ তথা বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তিয়ে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা সত্ৰত অংশগ্ৰহণ কৰিব।

ইয়াৰোপৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো কেবিনেট মন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।ৰাজনীতিৰ পৰা খেললৈ, সংবাদ ক্ষেত্ৰৰ পৰা ন্যায় ব্যৱস্থালৈ, সংস্কৃতিৰ পৰা স্বাস্থ ব্যৱস্থালৈ বিভিন্ন বিষয়ত এই সমাৰোহত আলোচনা কৰা হ’ব। আজি বিয়লি কটন বিশ্ববিদ্যালয়ৰ এলুমনি হাউছত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে উত্তৰ পূব যুৱ সমাৰোহৰ আয়োজক কমিটিৰ সভাপতি , অধ্যাপক ডঃ নবজ্যোতি বৰা আৰু সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম গোস্বামীয়ে ।

সংবাদ মেলত দুয়োজন কৰ্মকর্তাই কয় – প্ৰতিটো সত্ৰৰ অন্তত অংশগ্ৰহণকাৰীয়ে বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰিব পাৰিব। উত্তৰ-পূৱৰ ঐক্য সংহতি তথা শান্তি ৰক্ষাৰ লগতে জ্ঞান তথ্য আৰু ভাৱধাৰা আটাইকেইখন ৰাজ্যৰ যুৱ শক্তিৰ মাজত আদান-প্ৰদান এই অনুষ্ঠানৰ এক মূল লক্ষ্য। এই অনুষ্ঠানত ‘The Chief Ministers Talk’ শীৰ্ষক এটি সত্ৰৰ প্ৰস্তাৱ কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিশিষ্ট সাংবাদিক কৌশিক ডেকাই পৰিচালনা কৰিবলগা এই অনুষ্ঠানত উত্তৰ-পূৱৰ প্ৰায় সংখ্যক ৰাজ্যৰ মুখ্যমন্ত্ৰী একেলগে একেখন মঞ্চত বহি উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মিলিত হ’ব।এই সকলো সত্ৰৰ উপৰিও এই অনুষ্ঠানত আদৰ্শ সংসদ, মুকলি কুইজ অনুষ্ঠিত হোৱাৰ লগতে উত্তৰ পূৱৰ বাৰেৰহনীয়া সংস্কৃতি পৰিবেশন কৰা হ’ব।

উত্তৰ -পূৰ্বাঞ্চলৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰায় ৬০০শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠান সম্পূৰ্ণৰূপে আবাসিক হ’ব। এই সম্পৰ্কে বিভিন্ন প্ৰতিষ্ঠানলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে এই সমাৰোহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ নৱজ্যোতি বৰাক সভাপতি আৰু পাৰ্থ প্ৰতিম গোস্বামীক সাধাৰণ সম্পাদক হিচাপে লৈ এখন আয়োজক সমিতি গঠন কৰা হৈছে। সমাৰোহৰ সবিশেষ আৰু যোগাযোগৰ বাবে ইচ্ছুক শিক্ষাৰ্থীসকলে আয়োজক সমিতিৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতীম গোস্বামী(৬০০১৮৩২২২০), সম্পাদকদ্বয় ক্ৰমে বিশ্বালদ্বীপ কাকতি(৯৩৬৫২২২৬৬০৮) বাগ্মীতা বৰঠাকুৰ (৯৪৭৬৬৩৩০০৬), সহকাৰী সাধাৰণ সম্পাদক ভূদেৱ তালুকদাৰ(৯৩৬৫৮৬৪৩২৬) আৰু ঋতুপৰ্ণ(৯১০১২৭২১২৭)ৰ সৈতে যোগাযোগ কৰিব পাৰিব।

You might also like