নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ক’ভিড ভেকচিন প্রদানৰ সীমা তিনি কোটি অতিক্রম

আন এক মাইলষ্টোন

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ  অসমত ক’ভিড প্রতিষেধকেৰে ৰাজ্যবাসীক সুৰক্ষা কৱচ প্রদানৰ দিশত ৰাজ্য চৰকাৰে অব্যাহত ৰখা অভিযানে উপনীত হ’ল আন এক মাইলষ্টোনত৷ ৰাজ্যখনত ৩ কোটি পালি ক’ভিড প্রতিষেধক প্রদানৰ সীমা শনিবাৰে সফলতাৰে অতিক্রম কৰিলে স্বাস্থ্য বিভাগে৷ ৰাজ্যত চলি থকা ক’ভিড টিকাকৰণ অভিযানৰ জৰিয়তে আজি নিশা ৭ বজালৈকে মুঠ ৩,০০,৮২,৪৬৭ পালি প্রতিষেধক প্রদান কৰা হয়৷ ভাৰত চৰকাৰৰ ক’উইন এপ(cowin.gov.in)ৰ তথ্য অনুসৰি এইপর্যন্ত অসমত ২,০৪,৫৬,১৭২জন লোকে প্রথম পালি ক’ভিড প্রতিষেধক গ্রহণ কৰিছে৷ একেদৰে এইপর্যন্ত ৰাজ্যখনত ক’ভিড প্রতিষেধকৰ দুয়োপালি লৈ সম্পূর্ণ কৰিলে ৯৬,২৬,২৯৫জন লোক৷ উল্লেখ্য যে দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো যোৱা ১৬ জানুৱাৰীত ক’ভিড প্রতিষেধক অভিযান আৰম্ভ বোৱাৰ পাছত যোৱা ২৭ জুলাইত ১ কোটি পালি আৰু যোৱা ১১ ছেপ্ঢেম্বৰত ২ কোটি পালি প্রতিষেধক প্রদানত সফলতা লাভ কৰা হৈছিল৷ অসমত ক’ভিড টিকাকৰণ অভিযানে আজি সফলতাৰে ৩ কোটি পালিৰ সীমা অতিক্রম কৰিবলৈ সক্ষম হোৱাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনোৱাৰ লগতে প্রতিগৰাকী স্বাস্থ্যকর্মী, আশাকর্মী, অংগনৱাড়ী কর্মী–সহায়িকা, গাঁওবুঢ়া, বি এল অ’লৈ ধন্যবাদ জনাইছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ আজি নিশা এক বার্তাত স্বাস্থ্যমন্ত্রী মহন্তই কয়– ‘ৰাজ্যবাসীৰ ব্যাপক সঁহাৰিৰ বাবেই আজি ৩ কোটি পালি ক’ভিড প্রতিষেধক প্রদানৰ সীমা অতিক্রম কৰিবলৈ স্বাস্থ্য বিভাগ সফল হ’ল৷ ৰাজ্যবাসীৰ মাজত ক’ভিড প্রতিষেধক প্রদানত মূল ভূমিকা লোৱা প্রত্যেকজন এ এন এম–জি এন এম তথা স্বাস্থ্যকর্মী, আশাকর্মী, গাঁওবুঢ়াৰ লগতে জিলা প্রশাসন, স্বাস্থ্য বিভাগৰ সকলো বিষয়া–কর্মচাৰীলৈ এই সফলতাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷’ ১৮ বছৰৰ ঊর্ধ্বৰ সকলোৰে বাবে বিনামূলীয়া ক’ভিড প্রতিষেধক প্রদানৰ সুবিধা আগবঢ়োৱাৰ লগতে অসমলৈ বিশেষ উদ্যোগ লৈ ক’ভিড প্রতিষেধক প্রেৰণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াৰ প্রতিও স্বাস্থ্যমন্ত্রী মহন্তই ৰাজ্যবাসীৰ হৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে৷ ৰাজ্যবাসীক ক’ভিড অতিমাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ চলোৱা অভিযানক সন্মুখত থাকি বলিষ্ঠ নেতৃত্ব দিয়াৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰো শলাগ লয় স্বাস্থ্যমন্ত্রী মহন্তই৷ ৰাজ্যত এতিয়াও এপালিও ক’ভিড প্রতিষেধক নোলোৱাকৈ থকা প্রতিজন লোককো অহা ২১ নৱেম্বৰৰ ভিতৰতে ক’ভিডৰ এই সুৰক্ষা কৱচ গ্রহণৰ বাবে আগবাঢ়ি আহি নিজৰ লগতে সমাজ তথা ৰাজ্যখনক সুৰক্ষিত কৰাত অৰিহণা যোগাবলৈ স্বাস্থ্যমন্ত্রী মহন্তই অনুৰোধ জনাইছে৷ একেদৰে দ্বিতীয় পালি ক’ভিড প্রতিষেধক গ্রহণৰ সময় হোৱা লোকসকলকো সময়মতে দুয়োপালি প্রতিষেধক লৈ সম্পূর্ণ কৰিবলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্রীজনে৷
ক’ভিড ঃ শনিবাৰে আক্রান্ত ২২১, মৃত্যু ৪
অসমত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও প্রতিদিনে সংক্রমণ অব্যাহত আছে৷ আজিৰ দিনটোত ৰাজ্যখনত নতুনকৈ ২২১গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ সেইদৰে ক’ভিডত আক্রান্ত হৈ আজি চাৰিগৰাকী লোকৰ মৃত্যু হয়৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি আজি ৰাজ্যখনত ৩৩,২১০গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ইয়াৰে ২২১গৰাকী লোকৰ দেহত পজিটিভ ধৰা পৰে৷ ইয়াৰে ৯৭গৰাকী কামৰূপ মহানগৰ, ২৪গৰাকী বৰপেটা, ১৩গৰাকী কামৰূপ আৰু ১০গৰাকী লখিমপুৰ জিলাৰ৷ দিনটোত আক্রান্তৰ হাৰ ০.৬৭ শতাংশ৷ আনহাতে আজি ক’ভিডত আক্রান্ত হৈ বঙাইগাঁও, কামৰূপ মহানগৰ, কোকৰাঝাৰ আৰু শোণিতপুৰ জিলাত এগৰাকীকৈ মুঠ চাৰিগৰাকী লোকৰ মৃত্যু হয়৷ ইপিনে ক’ৰোনামুক্ত হোৱাৰ পৰিপ্রেক্ষিতত আজি ১৬২গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান অসমত ১,৯২৫গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷ দিনটোত সুস্থতাৰ হাৰ ৯৮.৪৮ শতাংশ৷
স্বাস্থ্য ব্যৱস্থা সবলীকৰণৰ বাবে অসমলৈ ২৭২.২৫ কোটি কেন্দ্রৰ
নিউজ ডেস্ক ঃ গ্রামাঞ্চল আৰু চহৰাঞ্চলৰ স্বাস্থ্যখণ্ডৰ সবলীকৰণৰ বাবে কেন্দ্রীয় চৰকাৰে ১৯ ৰাজ্যলৈ ৮,৪৫৩.৯২ কোটি টকা মুকলি কৰি দিছে৷ স্বাস্থ্য ব্যৱস্থাক সবলীকৰণৰ লগতে প্রাথমিক স্বাস্থ্যকেন্দ্রসমূহত্ সেৱা উন্নীত কৰাৰ বাবে ১৯ ৰাজ্যলৈ ৮,৪৫৩.৯২ কোটি টকা আজি মুকলি কৰি দিয়া হৈছে বুলি কেন্দ্রীয় বিত্ত মন্ত্রালয়ে প্রকাশ কৰিছে৷ পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদনমর্মে ব্যয় বিভাগ আৰু বিত্ত মন্ত্রালয়ে এই ধনৰাশি মুকলি কৰি দিছে৷ ১৯ ৰাজ্যৰ ভিতৰত উত্তৰ–পূর্বাঞ্চলৰ অসমলৈ ২৭২.২৭৫ কোটি টকা, অৰুণাচল প্রদেশলৈ ৪৬.৯৪ কোটি টকা, মণিপুৰলৈ ৪২.৮৭ কোটি টকা, মিজোৰামলৈ ৩১.১৯ কোটি টকা আৰু ছিকিমলৈ ২০.৯৭ কোটি টকা মুকলি কৰি দিছে৷ ইয়াৰ উপৰি অন্ধ্রপ্রদেশলৈ ৪৮৮.১৫ কোটি, বিহাৰলৈ ১১১৬.৩০ কোটি, ছত্তিশগড়লৈ ৩৩৮.৭৯ কোটি, হিমাচল প্রদেশলৈ ৯৮ কোটি, ঝাৰখণ্ডলৈ ৪৪৪.৩৯ কোটি, কর্ণাটকলৈ ৫৫১.৫৩ কোটি, মধ্যপ্রদেশলৈ ৯২২.৭৯ কোটি, মহাৰাষ্ট্রলৈ ৭৭৮ কোটি, ওড়িশালৈ ৪৬১.৭৬ কোটি, পঞ্জাবলৈ ৩৯৯.৬৫ কোটি, ৰাজস্থানলৈ ৬৫৬.১৭ কোটি, তামিলনাডুলৈ ৮০৫.৯২ কোটি, উত্তৰাখণ্ডলৈ ১৫০ কোটি আৰু পশ্চিমবংগলৈ ৮২৮ কোটি টকা মুকলি কৰি দিছে৷ মন কৰিবলগীয়া যে পঞ্চদশ বিত্ত আয়োগে ২০২১–২২ৰ পৰা ২০২৫–২৬ বিত্তীয় বর্ষলৈ ৰাজ্যসমূহলৈ ৪,২৭,৯১১ কোটি টকা অনুমোদন জনাইছে৷ বিত্ত মন্ত্রালয়ে প্রকাশ কৰা মতে, আয়োগে স্বাস্থ্যখণ্ডলৈ ৭০.০৫১ কোটি টকা অনুমোদন জনাইছে৷ ইয়াৰ ভিতৰত গ্রামাঞ্চলৰ বাবে ৪৩,৯২৮ কোটি আৰু চহৰাঞ্চলৰ বাবে ২৬,১২৩ টকা৷

You might also like