নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাৰ গ্রীন আছিয়ানা ৰিজ’টত উচ্ছেদ

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ অৱশেষত উচ্ছেদ অভিযান চলিল কাজিৰঙাৰ শিলজুৰিত অৱস্থিত বিলাসী ৰিজ’ট ‘গ্রীন আছিয়ানা’ত৷ বুলডজাৰ লগাই ভাঙি পেলোৱা হ’ল বৃহৎ বাউণ্ডেৰীৰ পকী দেৱাল৷ লগতে ভাঙি পেলোৱা হয় চাৰিটাকৈ বিলাসী ক’টেজ৷ উল্লেখ্য যে বোকাখাতৰ পৰিৱেশকর্মী ৰোহিত চৌধুৰীয়ে ২০১৮ বর্ষৰ মার্চ মাহত উচ্চতম ন্যায়ালয়ত বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ৯টাকৈ এনিমেল কৰিড’ৰত ব্যাপক বেদখল আৰু অবৈধ নির্মাণকার্য চলি থকা বুলি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল৷ আনহাতে, পৰৱর্তী সময়ত উচ্চতম ন্যায়ালয়ে উক্ত গোচৰটো সন্দর্ভত এখন এম্পাৱাৰ কমিটী গঠন কৰি দিয়ে৷ এই এম্পাৱাৰ কমিটীখনে সকলো দিশ চালি–জাৰি চাই অৱশেষত যোৱা ৬ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ এখন পত্র প্রেৰণ কৰি ৯টা এনিমেল কৰিড’ৰৰ ৮ কৰিড’ৰত বেদখল তথা নির্মাণকার্য সম্পূর্ণ উচ্ছেদ কৰি ইয়াৰ প্রতিবেদন দাখিল কৰিবলৈ চাৰি সপ্তাহৰ সময়সীমা বান্ধি দিয়ে৷ ইপিনে উচ্চতম ন্যায়ালয়ৰ কঠোৰ নির্দেশ–পত্র লাভ কৰাৰ পাছত তৎপৰ হৈ পৰে ৰাজ্য চৰকাৰ তথা গোলাঘাট আৰু নগাঁও জিলা প্রশাসন৷

উচ্চতম ন্যায়ালয়ৰ এম্পাৱাৰ কমিটীয়ে চিহ্ণিত কৰি দিয়া ৮টা এনিমেল কৰিড’ৰৰ ভিতৰত দুটা গোলাঘাট জিলাৰ অন্তর্গত আৰু ৬টা নগাঁও জিলাৰ অন্তর্গত৷ ৰাষ্ট্রীয় উদ্যানখনৰ বন্য জন্তু আহ–যাহ কৰা স্থান হিচাপে পাণবাৰী, হালধিবাৰী, কাঞ্চনজুৰি, দেউচুৰ, চিৰাং, আমগুৰি, শিলজুৰি, বাগৰি, হাৰমতি আদিক স্পর্শকাতৰ এনিমেল কৰিড’ৰ হিচাপে চিহ্ণত কৰা হৈছে৷ কিন্তু বিগত দিনসমূহত এটা প্রভাৱশালী চক্রই উক্ত এনিমেল কৰিড’ৰ এলেকাত অবাধ গতিত নির্মাণকার্য চলাইছিল৷ লক্ষণীয় যে ২০১৯ বর্ষৰ ১২ এপ্রিলত উচ্চতম ন্যায়ালয়ৰ এক নির্দেশত কাজিৰঙাৰ বন্য জীৱকুলৰ বাবে অশনি সংকেত কঢ়িয়াই অনা কাজিৰঙাৰ দাঁতি–কাষৰীয়া কার্বি পাহাৰত চলি থকা অবৈধ শিলৰ কোৱেৰীসমূহ বন্ধ হৈ পৰিছে৷ একেটা নির্দেশতেই কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই নির্ধাৰণ কৰি দিয়া নটা এনিমেল কৰিড’ৰত থকা ব্যক্তিগত ভূমিতো কোনোধৰণৰ নির্মাণকার্য কৰিব নোৱাৰিব বুলি নির্দেশ দিছিল৷ কিন্তু পৰিতাপৰ বিষয় যে উচ্চতম ন্যায়ালয়ৰ এই নির্দেশলৈকো কেৰেপ নকৰি পাণবাৰীৰ বাদে বাকী ৮টা এনিমেল কৰিড’ৰতে এচাম লোকে ৰাজনৈতিক প্রভাৱ আৰু ধনৰ বলেৰে পর্যটন নিৱাস, ধাবা, সুৰাৰ বিপণী, বিভিন্ন খনন তথা নির্মাণকার্য চলাই গৈছে৷

আমাৰ হাতত পৰা তথ্য অনুসৰি, উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া চেণ্ড্রেল এম্পাৱার্ড কমিটীৰ সদস্য সচিব অমৰনাথা চেঠীয়ে যোৱা ৬ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ দিয়া পত্রখনত কাজিৰঙাৰ এনিমেল কৰিড’ৰত উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অমান্য কৰি চলোৱা সকলো নির্মাণকার্য উচ্ছেদ কৰি চাৰি সপ্তাহৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে৷ যোৱা ২২ আগষ্টত গুৱাহাটীত থকা ডেপুটী ইন্সপেক্টৰ জেনেৰেল অৱ ফৰেষ্টে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ এনিমেল কৰিড’ৰসমূহত উচ্চতম ন্যায়ালয়ৰ নির্দেশ অমান্য কৰি চলোৱা নির্মাণকার্য পৰিদর্শন কৰি প্রতিবেদন দাখিল কৰিছিল৷ এই প্রতিবেদনৰ ওপৰত ভিত্তি কৰি যুৱ পৰিৱেশকর্মী ৰোহিত চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া চেণ্ড্রেল এম্পাৱার্ড কমিটীৰ দৃষ্টিগোচৰ কৰিছিল৷ এনে অবৈধ নির্মাণকার্য সন্দর্ভত ৰোহিত চৌধুৰীয়ে জখলাবন্ধা আৰক্ষী চকীতো এজাহাৰ দাখিল কৰিছিল৷ কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷

আনহাতে, কাজিৰঙাৰ স্থানীয় ৰাইজেও উচ্চতম ন্যায়ালয়ৰ নির্দেশক আদৰণি জনায়৷ বানপানীৰ সময়ত বন্য জীৱকুলে ৰাষ্ট্রীয় ঘাইপথ পাৰ হ’বলৈ চেষ্টা কৰোঁতে বহু সময়ত বাধাপ্রাপ্ত হয় অথবা যান–বাহনৰ খুন্দাত মৃত্য হ’ব লগা হয়৷ যাৰ বাবেই উচ্চতম ন্যায়ালয়ৰ এনে পদক্ষপে নিঃসন্দেহে কাজিৰঙা বন্য জীৱৰ বাবে গুৰুত্বপূর্ণ হ’ব বুলি স্থানীয় সচেতন ৰাইজে মন্তব্য কৰিছে৷ যোৱা ২৯ অক্টোবৰত গোলাঘাট জিলা প্রশাসনে হালধিবাৰী এনিমেল কৰিড’ৰত অৱস্থিত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ পঞ্চম সংযোজনৰ শিলজুৰি বন শিবিৰৰ কাষতে থকা ‘গ্রীন আছিয়ানা’ নামৰ ৰিজ’ট কর্তৃপক্ষলৈ বেদখলমুক্ত আৰু ৰিজ’টখনৰ চৌদিশে থকা পকী বেৰ ভাঙিবলৈ নির্দেশ দি এক জাননী জাৰি কৰে৷ কিন্তু ৰিজ’ট কর্তৃপক্ষই এইক্ষেত্রত কোনো পদক্ষেপ নোলোৱাত আজি গোলাঘাট জিলা আৰু বোকাখাত মহকুমা প্রশাসনৰ লগতে বন বিভাগৰ বৃহৎ দল পুৱা ১১ বজাত ৰিজ’টখনৰ সন্মুখত উপস্থিত হয়৷ এক্সকেভেটৰ, অগ্ণিনির্বাপক বাহিনী, এম্বুলেঞ্চ আৰু বৃহৎ আৰক্ষী, বন বিভাগৰ দল উপস্থিত হোৱাৰ লগে লগে অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰে৷ লগে লগে বোকাখাতৰ মহকুমাধিপতিৰ দায়িত্বত থকা চক্র বিষয়া সৌভিক দত্তৰ নির্দেশৰ পাছতে এক্সকেভেটৰৰ হাতোৰা পৰে ৰিজ’টৰ চৌদিশে থকা বৃহৎ পকী বেৰাৰ ওপৰত৷ এফালৰ পৰা ভাঙি চূৰমাৰ কৰি পেলোৱা হয় পকী বেৰা৷ ইয়াৰ পাছতে ৰিজ’টখনৰ চাৰিটাকৈ বিলাসী ক’টেজো ভাঙি পেলোৱা হয়৷ উল্লেখ্য যে হালধিবাৰীৰ মুঠ ৭.৪৮ কিলোমিটাৰ এলেকা এনিমেল কৰিড’ৰৰ অন্তর্গত৷ এই স্থানত থকা অন্যান্য অবৈধ নির্মাণকার্যও শীঘ্রেই উচ্ছেদ চলোৱা হ’ব বুলি জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে৷ ইপিনে নগাঁও জিলাৰ অন্তর্গত থকা আন ছয়টা এনিমেল কৰিড’ৰৰ অবৈধ নির্মাণকার্যও শীঘ্রে উচ্ছেদ কৰা হ’ব বুলি বন বিভাগে জানিবলৈ দিছে৷

You might also like