শিশু দিৱসৰ লগত সংগতি ৰাখি টিপলাইত লক্ষিমী গ্ৰাম্য সংঘৰ উদ্যোগত ছাফাই অভিযান
নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : নিজৰ পৰিয়ালৰ লগতে সমাজখনকো নিকা আৰু স্বচ্ছতাৰে আগুৱাই নিবলৈ হ’লে মহিলা সকলে অগ্ৰনী ভূমিকা পালন কৰিব লাগিব। মহলা সকলে ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ নাথাকি সামাজিক উন্নয়নৰ বাবে আগবাঢ়ি আহিব লাগিব। প্ৰত্যেকেই সামাজিক দায়বদ্ধতাৰে কাম কৰিলে অসাধ্য বুলি একো নাই। নিজৰ গাওঁ খনক এখন আদৰ্শ গাওঁ হিচাপে পৰিচিত কৰাৰ বাবে আজি টিপলাই অঞ্চলৰ একাংশ মহিলা হাতত ঝাৰু, কোৰ, দা লৈ ঘৰৰ চৌহদৰ পৰা বাহিৰত ওলাই আহে ।
আজি শিশু দিৱসৰ লগত সংগতি ৰাখি টিপলাইৰ লক্ষিমী গ্ৰাম্য সংঘৰ উদ্যোগত মহিলা সকলে এক ছাফাই অভিযান চলায় । টিপলাই গাওঁৰ প্ৰতিটো পথ, দৈনিক বজাৰ, বিদ্যালয় প্ৰাংগন, চিকিৎসালয় চৌহদৰ লগতে মন্দিৰ, নামঘৰৰ চৌহদ যাতে পৰিস্কাৰ পৰিচন্নতাৰ লগতে এক বৌদ্ধিক পৰিৱেশৰ সৃষ্টি হয় ইয়াৰ বাবে মহিলা সকলে সংকল্প গ্ৰহণ কৰিছে। ইয়াৰ লগতে বৃহত্তৰ অঞ্চলতোৰ বিপথে পৰিচালিত হোৱা একাংশ লোকক মুল পথলৈ ঘুৰাই অনা,গাওঁত অ-সামাজিক কাৰ্য় বন্ধ কৰাৰ বাবেও সংকল্প লোৱা বুলি সংঘৰ সভানেত্ৰী সম্পাদিকাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।