মৰিসুঁতি প্ৰাথমিক বিদ্যালয়য়ত শিশু দিৱস উদযাপন
নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ প্ৰাচীৰ পত্ৰিকা ‘প্ৰভাতী কিৰণ’ উন্মোচন নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে আজি মাজুলীতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উলহ মালহেৰে শিশু দিৱস পালন কৰে। ইয়াৰ ভিতৰত উজনি মাজুলী ৯৮ নং মৰিসুঁতি প্ৰাথমিক বিদ্যালয়ত দিনজোৰা বাৰ্ণাঢ্য কাৰ্যসূচীয়ে শিশু দিৱস পালন কৰে। কাৰ্যসূচী অংশ হিচাপে পূৱা ৭ বজাত সামূহিক চাফাই অন্তত ৭-৩০ বজাত পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নগেন বৰাই। পূৱা ৮ বজাত স্মৃতি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে নতুন বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুবুল কুমাৰ দাসে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ বাবে প্ৰস্তুত কৰি উলিওৱ প্ৰাচীৰ পত্ৰিকা ‘প্ৰভাতী কিৰণ’ উন্মোচন কৰি বিদ্যালয়খনৰ এনে প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে ছাত্র- ছাত্রী সকলক বিকশাই তোলাত প্ৰাচীৰ পত্ৰিকাৰ ভূমিকা অপৰিসীম বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জেষ্ঠ শিক্ষক প্ৰবীন কুমাৰ দত্তই।
দিনৰ ১১ বজাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰা এটা সমেবত সংগীতেৰে মঞ্চ মুকলি কৰা পিছতেই মুকলি সভা অনুষ্ঠিত হয়। বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপৰেখা চেতিয়া আৰু সহঃ শিক্ষক শৰৎ চন্দ্ৰ দাসে যুটীয়া ভাৱে আঁতধৰা সভা খনত সভাপতিত্ব কৰে ৰাতুল বৰাই। সভাত মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মূখ্য কাৰ্যৱাহী সদস্য মাধৱ দেউৰীয়ে শিশু সকলক মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ শিক্ষক সকলতকৈও অভিভাৱক-অভিভাৱিকা সকলৰ ভুমিকা অধিক বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰে। লগতে মাজুলী শিক্ষা খণ্ডৰ উপ- পৰিদৰ্শক নৰ নাৰায়ন গোঁহায়ে মহান মহান ব্যক্তি সকলৰ আদৰ্শৰে শিশু সকলক আগুৱাই লৈ যাবলৈ অভিভাৱক-অভিভাবিকা সকলৰ প্ৰতি অনুৰোধ জনাই। লুইতপৰীয়া আৰু মোৱামাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ক্ৰমে প্ৰাঞ্জল শইকীয়া আৰু প্ৰশান্ত প্ৰাণ দলেয়ে শিশু সকল উদ্দেশ্যি সাৰুৱা মন্তব্য আগবঢ়োৱা পিছতেই মৰিসুতি গাৱঁৰ যুৱক সকলে পৰিৱেশন কৰা দিহানাম আৰু শিশু শিল্পী চান্দিনী আগৱলাৰ গীতে অনুষ্ঠানতো জীপাল কৰি তোলে। ইয়াৰোপৰি বিদ্যালয় খনৰ ছাত্র- ছাত্রীসকলে পৰিৱেশন কৰা গীত-মাতৰ অনুষ্ঠানে সকলোকে মন্ত্ৰমুগ্ধ কৰে। উল্লেখ যে শিশু সকলক প্ৰেৰণা যোগোৱা উদ্দেশ্যে বিদ্যাখনৰ প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ তৰফৰ পৰা একোটাকৈ উপহাৰ টোপোলা আগবঢ়াই।