বাক্সাৰ আঙুলীয়াত সন্ধিয়াতে চোৰে লুটি নিলে নগত ধনৰ লগতে আ-অলংকাৰ
নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰ ঃ বাক্সাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত আঙুলীয়াত আজি চোৰে এঘৰ মানুহৰ ঘৰৰপৰা নগদ ধনৰ লগতে লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লৈ যায় । পাঠশালা – ভূটান সংযোগী তথা ১২৭(ক) নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ফুট গধূলিতে আঙুলীয়া নিবাসী মালতী মেধীৰ ঘৰত সংঘটিত হয় চুৰি কাণ্ড । ঘৰত কোনো ব্যক্তি নথকা সময়ৰ সুযোগ লৈ ঘৰৰ পিছফালৰ দুৱাৰ ভাঙি চোৰে ঘৰৰ ভিতৰত সোমাই গদৰেজ ভাঙি নগদ ধনৰ লগতে লক্ষাধিক টকাৰ সোণৰ আ -অলংকাৰ লৈ যায় বুলি ঘৰৰ গৰাকীয়ে কয় । ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত অৱগত কৰাৰ পিছত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে যোৱা ৭ নবেম্বৰটো এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সমীপতে থকা বজালীৰ বাঘমাৰাত এজন অধ্যাপকৰ ঘৰত ঘৰত কোনো নথকাৰ সুযোগত চুৰি কাৰ্য সংঘটিত হৈছিল ।
input: দিগন্ত দাস , জালাহ