নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰ মৰাপাট উদ্যানত সংঘটিত ৭.৩৩ কোটি টকাৰ বৃহৎ কেলেংকাৰি

তদন্তৰ দায়িত্ব চিবিআইকঃ শ্বিলং শাখাত গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ ভাৰত চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প মন্ত্রালয়ৰ অধীনত কাছাৰত অসম গ’ল্ডেন ফাইবাৰ জুঁট পার্ক স্থাপনৰ নামত সংঘটিত কেইবাকোটি টকীয়া কেলেংকাৰিৰ তদন্ত কৰিব চিবিআয়ে৷ বিনিয়োগকাৰীক আকর্ষণ, নিয়োগ সৃষ্টিকে ধৰি কেইবাটাও লক্ষ্যৰে স্থাপন কৰিব বিচৰা এই অভিলাষী মৰাপাট উদ্যান স্থাপনৰ নামত সংঘটিত হৈছিল ৭.৩৩ কোটি টকাৰ কেলেংকাৰি৷ অনিৰুদ্ধ দত্ত, কবিতা সেনগুপ্তা আৰু আন কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছিল৷ সেই সময়ত শিলচৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছিল যদিও ইয়াৰ তদন্ত চিবিআইক হস্তান্তৰ কৰাৰ দাবী উত্থাপন হৈছিল৷ ইয়াৰ পাছতে ৰাষ্ট্রীয় মৰাপাট পৰিষদ আৰু ৰাজ্য চৰকাৰেও এই কেলেংকাৰিৰ তদন্ত কৰিবলৈ চিবিআইলৈ পত্র প্রেৰণ কৰিছিল৷ ইয়াৰ ভিত্তিতে শেহতীয়াকৈ মৰাপাট উদ্যান স্থাপনৰ নামত সংঘটিত এই বিয়াগোম কেলেংকাৰিৰ তদন্ত কৰিবলৈ দায়িত্ব লৈছে কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাটোৱে৷ ইতিমধ্যে চিবিআইৰ শ্বিলংস্থিত শাখাই এই মৰাপাট উদ্যান স্থাপনৰ নামত সংঘটিত কেলেংকাৰি সন্দর্ভত এটা গোচৰো ৰুজু কৰিছে৷

উল্লেখ্য যে কেন্দ্র আৰু ৰাজ্য চৰকাৰে ৯০ঃ১০ হিচাপত পুঁজি অনুমোদনেৰে এই মৰাপাট উদ্যানখন নির্মাণৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল৷ কিন্তু প্রস্তুত কৰা ডিপিআৰ অনুসৰি স্থাপন কৰা হোৱা নাছিল মৰাপাট উদ্যানখন৷ সেইদৰে সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি অবিহনে আৰু ব্যয়ৰ সঠিক পৰীক্ষণ নোহোৱাকৈয়ে প্রতিষ্ঠানটোৰ একাউণ্টৰ পৰা এটা পক্ষই উলিয়াইছিল বৃহৎ পৰিমাণৰ ধন৷ তদুপৰি মৰাপাট উদ্যান স্থাপন আৰু অন্যান্য কামৰ বাবে ঠিকাৰ আবণ্টন, বিক্রেতা আৰু পুঁজি প্রদানৰ ক্ষেত্রত বিভিন্ন অনিয়ম সংঘটিত হৈছিল৷ কবিতা সেনগুপ্তা নামৰ এগৰাকী কর্মচাৰীৰ আত্মীয়ৰ নামত কেইবাটাও ঠিকা আবণ্টন কৰা হৈছিল৷ এই ঠিকাসমূহ অস্তিত্বহীন প্রতিষ্ঠানৰ নামত আবণ্টন কৰি সৰকাইছিল কেইবাকোটি টকা৷ তদুপৰি নির্ধাৰিত ব্যয়তকৈ যথেষ্ট কম ব্যয়েৰে বহু নির্মাণকার্য সম্পূর্ণ কৰা হৈছিল৷ ইয়াৰ ফলত মৰাপাট উদ্যানখনৰ নির্মাণৰ কাম–কাজ অত্যন্ত নিম্ন মানৰ হোৱা পৰিলক্ষিত হৈছে৷

আনহাতে, অভিযুক্ত কবিতা সেনগুপ্তা আৰু অনিৰুদ্ধ দত্তই এই মৰাপাট উদ্যানখন স্থাপনৰ ঠিক পূর্বে জানকী নুনীয়া নামৰ এজন লোকৰ পৰা কেইবা একৰ ভূমি অতি নূ্যনতম ধনৰ বিনিময়ত ক্রয় কৰিছিল৷ পৰৱর্তী সময়ত এই ভূমি তেওঁলোকেহে উদ্যানক বিক্রী কৰাটো দেখুৱাইছিল৷ উদ্যানখনৰ নির্মাণৰ সময়ত উক্ত স্থানত মাটি পেলোৱাৰ নামত মেচার্ছ ইউনাইটেড কনষ্ট্রাকচন নামৰ এটা প্রতিষ্ঠানক আদায় দিয়া হৈছিল ৬৪ লাখ টকা৷ যিসময়ত এই প্রতিষ্ঠানটো চলাইছিল উদ্যানখনত কর্মৰত এজন ব্যক্তিয়ে৷ অৱশ্যে প্রতিষ্ঠানটোৱে মৰাপাট উদ্যানখনত মাটি পেলোৱাৰ বাবদ ব্যয় কৰিছিল মাত্র ২০ লাখ টকা৷ এই ঠিকা আবণ্টন পাবৰ বাবে কবিতা সেনগুপ্তা নামৰ অভিযুক্তক প্রতিষ্ঠানটোৱে আদায় দিছিল ৪৪ লাখ টকা৷ এনেদৰে বিভিন্ন ক্ষেত্রত সংঘটিত কৰা অনিয়মৰ বাবদ মন্ত্রালয়ে প্রায় ৭.৩৩ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ অৱশ্যে কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাৰ তদন্ততহে এই মৰাপাট উদ্যান স্থাপনৰ নামত কোন কোন লোকে অনিয়ম সংঘটিত কৰিছিল তাৰ তথ্য পোহৰলৈ আহিব৷

You might also like