নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ এম্বুশ্বত শ্বহীদ বৰমাৰ সুমন স্বর্গীয়াৰী

বাক্সা জিলাত শোকাকুল পৰিৱেশ

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ মণিপুৰৰ থিংঘাটত কালি সন্ত্রাসবাদী সংগঠন পিএলএৰ ভয়াৱহ এম্বুশ্বত মৃত্যু হোৱা আছাম ৰাইফলছৰ ৭জন বীৰ শ্বহীদ জোৱানৰ মাজত আছে বৰমাৰ কাঁহিবাৰীৰ সুমন স্বর্গীয়াৰী৷ উল্লেখ্য যে শনিবাৰে মণিপুৰত সংঘটিত হোৱা পিএলএৰ ভয়াৱহ এম্বুশ্বত আছাম ৰাইফলছৰ এজন কর্নেলসহ সাতজন জোৱানৰ মৃত্যু হৈছিল৷ দেওবাৰে পুৱাৰে পৰা শ্বহীদ জোৱান সুমন স্বর্গীয়াৰীৰ গৃহলৈ অগণন লোকৰ আগমন ঘটে৷ সুমন স্বর্গীয়াৰীৰ ঘৰ বাক্সা জিলাৰ বৰমা থানাৰ অন্তর্গত কাঁহিবাৰীত৷ প্রয়াত কনক স্বর্গীয়াৰী আৰু ললিতা স্বর্গীয়াৰীৰ একমাত্র পুত্র সুমনৰ তিনি বছৰীয়া ল’ৰা সন্তানসহ পত্নী আৰু এগৰাকী জ্যেষ্ঠ ভগ্ণী আছিল৷

২০১১ চনত আছাম ৰাইফলছত যোগদান কৰিছিল সুমন স্বর্গীয়াৰীয়ে৷ শেষবাৰৰ বাবে যোৱা জুলাই মাহৰ ১০ তাৰিখে ঘৰলৈ ছুটীত আহি প্রায় ১৫ দিন পৰিয়ালৰ সৈতে থাকি পুনৰ কর্তব্যত যোগদান কৰিছিল৷ শ্বহীদ সুমনৰ তিনি বছৰীয়া পুত্রৰ জন্মদিন উপলক্ষে অহা ৫ ডিচেম্বৰত পুনৰ ছুটীত ঘৰলৈ অহাৰ কথা আছিল৷ কাঁহিবাৰী প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা, হিৰিম্বা বড়ো হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ বৰমা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছতে আছাম ৰাইফলছত যোগদান কৰিছিল শ্বহীদ সুমন স্বর্গীয়াৰীয়ে৷ শনিবাৰে পৰিয়ালৰ লোকে সুমন স্বর্গীয়াৰীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু সমগ্র অঞ্চলটোতে শোকাকুল পৰিৱেশ বিৰাজ কৰে৷ কান্দোনত ভাগি পৰা পত্নী জুৰি স্বর্গীয়াৰীয়ে শনিবাৰে দুপৰীয়া শেষবাৰৰ বাবে শ্বহীদ স্বামীৰ সৈতে কথা পাতিছিল৷

শ্বহীদগৰাকীৰ নশ্বৰদেহ দেওবাৰে ইম্ফলৰ পৰা বিশেষ বিমানযোগে গুৱাহাটীলৈ অনা হৈছিল যদিও কাৰিকৰী বিজুতিৰ বাবে বিমানখনে আজি সন্ধিয়া যোৰহাট বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিব লগা হয়৷

জানিব পৰা মতে, আজি পুৱা ৭.৩০ বজাত শ্বহীদগৰাকীৰ নশ্বৰদেহ বৰঝাৰ বিমানবন্দৰলৈ অনা হ’ব আৰু তাৰ পৰা পোনে পোনে কাঁহিবাৰীৰ নিজ বাসগৃহলৈ নিয়া হ’ব৷ অসম চৰকাৰৰ হৈ স্বাস্থ্যমন্ত্রী তথা কেবিনেট মুখপাত্র কেশৱ মহন্তই কাইলৈ পুৱা বৰঝাৰ বিমানবন্দৰত উপস্থিত থাকি শ্বহীদগৰাকীক সন্মান জনাব৷

ইফালে, দেওবাৰে শ্বহীদগৰাকীৰ গৃহত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্রী ইউ জিব্রহ্ম৷ তেওঁ বীৰ শ্বহীদগৰাকীৰ নিকটাত্মীয়লৈ ৫০ লাখ টকাৰ আর্থিক সাহায্য ঘোষণা কৰে৷ লগতে বীৰ শ্বহীদ জোৱানলৈ ভাৰত চৰকাৰৰ নিয়ম অনুসৰি থকা সকলো ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও তেওঁ প্রকাশ কৰে৷ আজি শ্বহীদগৰাকীৰ বাসগৃহত বিটিআৰৰ কার্যবাহী সদস্য ৰাকেশ ব্রহ্মৰ উপৰি আৰক্ষী আৰু সেনাবাহিনীৰ উচ্চপদস্থ বিষয়া উপস্থিত হয়৷ শ্বহীদগৰাকীৰ জন্মগাঁও কাঁহিবাৰীত সেনাৰ জাঠ ৰেজিমেণ্টৰ তত্ত্বাৱধানত অন্ত্যেষ্টিক্রিয়াৰ বাবে সকলো ধৰণৰ ব্যৱস্থা সাজু কৰি তোলা হৈছে৷

You might also like