নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ মানসিক–বৌদ্ধিক বিকাশে মানৱ সম্পদ গঢ়ি তোলেঃ মৃণালিনী দেৱী

ওপজা দিনত কৈলাশ নাথ শর্মা সোঁৱৰণী শিশু দবা প্রতিযোগিতা

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ ‘শিশুসকল দেশৰ ভৱিষ্যতৰ নাগৰিক৷ শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ সাধনৰ জৰিয়তে মানৱ সম্পদ গঢ় লৈ উঠে৷ বিভিন্ন খেল–ধেমালি, চিত্রাংকন আৰু কলাৰ জৰিয়তে শিশুৰ মানসিক–বৌদ্ধিক উত্তৰণ ঘটাব পাৰি৷’ – এই ভাষ্য অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰ৷ দেওবাৰে শিশু দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ বেলতলাস্থিত ‘স্নেহবন্ধন’ত বিশিষ্ট সমাজকর্মী–গীতিকাৰ প্রয়াত কৈলাশ নাথ শর্মাৰ ৯০সংখ্যক জন্মদিন উপলক্ষে আয়োজিত তৃতীয় সর্বভাৰতীয় মুকলি অনলাইন আন্তঃবিদ্যালয় শিক্ষার্থী দবা প্রতিযোগিতা, ২০২১ৰ শুভাৰম্ভ কৰে সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ স্বামী প্রয়াত কৈলাশ নাথ শর্মাৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰি সাহিত্য সভাৰ উপ–সভাপতিগৰাকীয় কয় যে আজি পৱিত্র দিন৷ এই দিনটোত পণ্ডিত জৱাহৰলাল নেহৰু, বিশিষ্ট সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ লগতে প্রয়াত কৈলাশ নাথ শর্মাৰ জন্ম হৈছিল৷

কৈলাশ নাথ শর্মাৰ জন্মদিনটো পূর্বৰে পৰা স্নেহবন্ধনত পালন কৰা অহা হৈছে৷ প্রয়াত কৈলাশ নাথ শর্মাৰ জন্মদিনটো সামাজিক পর্যায়ত পালনৰ লগতে এই বিশেষ দিনটোত শিশুসকলৰ বৌদ্ধিক–মানসিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি ‘স্নেহবন্ধন’ত বিভিন্ন কার্যসূচী গ্রহণ কৰা হৈছে৷ শিশুসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ লগতে আধ্যাত্মিকতাৰ কথা দোহাৰি তেওঁ পুনৰ কয় যে প্রাচীনকালৰে পৰা ভাৰতবর্ষই আধ্যাত্মিকতাৰ ক্ষেত্রত বিশ্বগুৰুৰ দায়িত্ব পালন কৰি আহিছে৷ সেয়ে দেশৰ এই খ্যাতিৰ প্রতি লক্ষ্য ৰাখি আধ্যাত্মিক ক্ষেত্রত অধিক আগবঢ়াই নিবলৈ শিশুসকলৰ মানসিক বিকাশৰ অতি প্রয়োজন৷ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীয়ে প্রয়াত কৈলাশ নাথ শর্মাৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ কৰি শ্রদ্ধাৰে সোঁৱৰণ কৰি পৰিয়ালবর্গই তেওঁৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে লোৱা পদক্ষেপৰ শলাগ লয়৷ তদুপৰি অসমৰ প্রতিখন বিদ্যালয়ত শিশুৰ বৌদ্ধিক বিকাশৰ প্রতি লক্ষ্য ৰাখি দবা খেল আৰম্ভ কৰা বুলি শিক্ষা বিভাগৰ প্রধান সচিবজনে মন্তব্য কৰে৷

‘অসম চেছ ক্লাব’ৰ সহযোগত স্নেহবন্ধনে আয়োজন কৰা প্রয়াত কৈলাশ নাথ শর্মা সোঁৱৰণী সর্বভাৰতীয় পর্যায়ৰ অনলাইন ইণ্টাৰ স্কুল শিক্ষার্থী দবা খেল প্রতিযোগিতাৰ শুভাৰম্ভণী অনুষ্ঠানত স্নেহবন্ধনৰ তৰফৰ পৰা এটা কেক কটা হয়৷ তদুপৰি অনুষ্ঠানত বৃহত্তৰ কাহিলিপাৰা–গণেশগুৰ্ শাখা লেখিকা সংস্থাৰ তৰফৰ পৰাও সভাপতি মৃণালিনী দেৱী, সম্পাদিকা ৰুণুমী লহকৰ আৰু অন্যান্য সদস্যসকলে কেক কাটি প্রয়াত কৈলাশ নাথ শর্মাৰ জন্মদিন পালনত ভাগ লয়৷ অনুষ্ঠানত প্রয়াত কৈলাশ নাথ শর্মাৰ বোৱাৰী বিজয়া শর্মা আৰু মধুমিতা শর্মাকে ধৰি অসম চেছ ক্লাব আৰু স্নেহবন্ধনৰ বিষয়ববীয়াসকলৰ উপৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে বিয়লি ৬ বজাৰ পৰা ‘জুম’ এপৰ জৰিয়তে এই অনলাইন শিক্ষার্থী দবা খেল প্রতিযোগিতা অনুষ্ঠিত হয়৷ আজিৰে পৰা অহা ১৬ নৱেম্বৰলৈ চলিবলগীয়া এই শিক্ষার্থী দবা খেল প্রতিযোগিতাৰ বিজয়ীক ২.৫০ লাখ টকাৰ স্ক’লাৰশ্বিপৰ লগতে বিনামূলীয়া প্রশিক্ষণ দিয়া হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷

You might also like