নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামৰিক মর্যাদাৰে শেষকৃত্য পঞ্চভূতত বিলীন বীৰ শ্বহীদৰ নশ্বৰদেহ

সুমনৰ জন্মভূমি বৰমাৰ কাঁহিবাৰীত কান্দোনৰ ৰোল

নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ  পিতৃৰ আদর্শেৰে অনুপ্রাণিত হৈ শ্বহীদ হ’ল অসমৰ এজন বীৰ জোৱান সুমন স্বর্গীয়াৰী৷ মণিপুৰত শনিবাৰে উগ্রপন্থীৰ আক্রমণত নিহত হৈছিল অসম সন্তান অসম ৰাইফলছৰ ৪৬নং বেটেলিয়নৰ জোৱান সুমন স্বর্গীয়াৰী৷ বীৰ শ্বহীদ সুমন স্বর্গীয়াৰী আছিল পিতৃৰ আদর্শেৰে অনুপ্রাণিত৷ দেশৰ প্রতি বলিদান যেন তেজতেই প্রৱাহিত হৈ আছিল৷ এসময়ত দেশৰ শান্তিৰ বাবে সন্ত্রাসবাদীৰ নিষ্ঠুৰ আক্রমণত প্রাণ হেৰুৱাইছিল পিতৃ কনক স্বর্গীয়াৰীয়ে৷ সেই একে ঘটনাৰ যেন পুনৰাবৃত্তি হ’ল একেটা পৰিয়ালত৷ ২০০৭ চনত সন্ত্রাসবাদীৰ গুলীত নিহত হৈছিল সুমনৰ পিতৃ কনক স্বর্গীয়াৰী৷ তেওঁ আছিল এজন সমাজকর্মী৷ বাক্সা জিলাৰ বৰমা থানাৰ অন্তর্গত কাঁহিবাৰীৰ এজন বিশিষ্ট সমাজকর্মী হিচাপে পৰিচিত কনক স্বর্গীয়াৰীয়ে সমাজৰ হিতৰ বাবে আত্মনিয়োগ কৰিছিল৷ অৱশেষত ভাল কামৰ পৰিণতি স্বৰূপে বুকু পাতি ল’বলগীয়া হয় সন্ত্রাসবাদীৰ নির্মম গুলী৷ পুত্র সুমন স্বর্গীয়াৰীয়ে পিতৃৰ খোজেৰে খোজ মিলাই দেশৰ বাবে কাম কৰিবলৈ ২০১১ চনত অসম ৰাইফলছত যোগদান কৰিছিল৷ দেশৰ প্রতি থকা নিঃস্বার্থ সেৱাৰ নিদর্শন দাঙি ধৰা বীৰ জোৱানজনে মণিপুৰৰ পিপ্লছ লিবাৰেচন আর্মীৰ এম্বুশ্বত প্রাণ হেৰুৱাবলগীয়া হয়৷ পুত্রৰ জন্মদিনত ঘৰলৈ অহাৰ প্রতিশ্রুতিৰে কর্তব্যত আত্মনিয়োগ কৰা তথা দেশমাতৃৰ বাবে সর্বস্ব ত্যাগ কৰা বীৰ জোৱানজনৰ নশ্বৰদেহ আজি স্বগৃহলৈ অনা হয়৷

সোমবাৰে পুৱা ৭.৩০ বজাত বিশেষ বিমানেৰে গুৱাহাটীলৈ অনা হয় বীৰ জোৱানজনৰ নশ্বৰদেহ৷ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত অসম চৰকাৰৰ মুখপাত্র তথা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই শ্বহীদ জোৱানগৰাকীৰ নশ্বৰদেহত মাল্যার্পণেৰে ৰাজ্য চৰকাৰৰ হৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ স্বগৃহলৈ শ্বহীদ সুমন স্বর্গীয়াৰীৰ নশ্বৰদেহ আহি পোৱাৰ পাছতে বৰমাৰ কাঁহিবাৰীত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ আত্মীয়–স্বজন, বন্ধু–বান্ধৱ তথা অঞ্চলটোৰ লোক কান্দোনত ভাগি পৰে৷ অন্তিম শ্রদ্ধা জনাবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে৷তিনি বছৰীয়া অবুজ কণমানিটোৱে চাই ৰয় পিতৃৰ নিথৰ শৰীৰ৷ পত্নী জুৰি স্বর্গীয়াৰীৰ দুচকুৰে চকুলোৰ বান৷ চকুৰ লোটক বাগৰিলেও বীৰ শ্বহীদৰ পত্নী হৈ চালাম জনাই শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

সামৰিক মর্যাদাৰে অন্তিম শ্রদ্ধা জনোৱা হয় শ্বহীদজনলৈ৷ শেষকৃত্যৰ সময়ত ৰাজ্য চৰকাৰৰ মন্ত্রী কেশৱ মহন্ত, ইউ জি ব্রহ্ম, বাক্সা জিলাৰ উপায়ুক্ত, ভাৰতীয় সেনাৰ জাঠ ৰেজিমেণ্ট, শিখ ৰেজিমেণ্টৰ উচ্চ পদস্থ বিষয়াসকলেও শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অন্ত্যেষ্টিক্রিয়া চলি থকাৰ মাজতে অসম চৰকাৰৰ আন এগৰাকী কেবিনেট মন্ত্রী ৰঞ্জিত দাস উপস্থিত হৈ পৰিয়ালৰ খবৰ লোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জনায়৷ মন্ত্রীগৰাকীয়ে শ্বহীদৰ পৰিয়ালৰ সৈতে অসম চৰকাৰ সদায় থাকিব বুলি জানিব দি উগ্রপন্থী সমস্যা সমাধান কৰাৰ বাবে নৰেন্দ্র মোদী ডাঙৰীয়াই ব্যৱস্থা গ্রহণ কৰি আছে বুলিও কয়৷ আনহাতে মঙলবাৰে বীৰ শ্বহীদ জোৱানজনৰ শোক সত্ব্ন্প্ত পৰিয়ালবর্গক সমবেদনা জনোৱাৰ বাবে কাঁহিবাৰীৰ বাসগৃহলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আহিব বুলি জানিব পৰা গৈছে৷
বৰঝাৰত সুমন স্বর্গীয়াৰীক শ্রদ্ধাঞ্জলি
পুৱা ৭.৩০বজাত সুমন স্বর্গীয়াৰীৰ নশ্বৰদেহ লৈ অনা বিশেষ বিমানখন যোৰহাটৰ পৰা আহি বৰঝাৰত অৱতৰণ কৰাৰ পিছতেই বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে বৰঝাৰৰ ভাৰতীয় বায়ু সেনাৰ এয়াৰ অফিচাৰ কমাণ্ডিং এয়াৰ কম’ডোৰ অতুল সাগৰে৷ তাৰ পিছত শ্রদ্ধাঞ্জলি জনায় ভাৰতীয় সেনাৰ নাৰেংগী সেনা ছাউনীৰ ব্রিগেডিয়াৰ ডেকোনাই৷ তাৰ পিছত মৃতদেহ বায়ু সেনা ঘাটিৰ বাকৰিলৈ অনাৰ পিছত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণমন্ত্রী কেশৱ মহন্ত, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিং, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি আৰক্ষী–প্রশাসনৰ উচ্চপদস্থ বিষয়াসকলে শেষ শ্রদ্ধা নিবেদন কৰে৷ তাৰ পিছত সেনাৰ এখন পুষ্পসজ্জিত বাহনেৰে সুমন স্বর্গীয়াৰীৰ নশ্বৰ দেহ তেওঁৰ নিজ পিতৃগৃহ বাক্সা জিলাৰবৰমাৰ কাঁহিবাৰীলৈ লৈ যোৱা হয়৷ সেনাৰ কেইবাখনো বাহনে নশ্বৰ দেহ কনভয় কৰি নিয়াৰ সময়ত বৰঝাৰত উপস্থিত সেনা জোৱানসকলে বীৰ শ্বহীদ সুমন স্বর্গীয়াৰী অমৰ ৰহে, ভাৰত মাতা কী জয়, ধবনিৰে আকাশ–বতাহ মুখৰিত কৰি তোলে৷

You might also like