এতিয়াৰে পৰা NETFLIXত উপলব্ধ হ’ব ভিলেজ ৰকষ্টাৰছ্ আৰু বুলবুল কেন ছিং
নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ অস্কাৰলৈ মনোনীত হোৱা প্ৰথমখন অসমীয়া ছবি ভিলেজ ৰকষ্টাৰছ্ আৰু বিশ্বৰ বহু চলচ্চিত্ৰ বঁটা আঁজুৰি অনা বুলবুল কেন ছিং এতিয়াৰে পৰা উপলব্ধ হ’ব নেটফ্লিক্সত । সততে অসমীয়া ছবি এখন ছবিগৃহত মুক্তিৰ পাচত দৰ্শকে উপভোগ নকৰিলে বঞ্চিত হয় ছবিখন উপভোগৰ পৰা । কিন্তু এই জটিলতাৰ অৱসান ঘটাই নেটফ্লিক্সত উপলব্ধ হ’ল ছবি পৰিচালক ৰীমা দাসৰ বহু সমাদৃত দুয়োখন ছবি ভিলেজ ৰকষ্টাৰছ্ আৰু বুলবুল কেন ছিঙ ।
ছবি পৰিচালক ৰীমা দাসে তেওঁৰ ফেচবুক পেজৰ জৰিয়তে প্ৰকাশ কৰে এই কথা । ৰীমা দাসে জনোৱা অনুসৰি নেটফ্লিক্সত বুলবুল কেন ছিং ছবিখন সমগ্ৰ বিশ্বতে মুক্তি পোৱাৰ লগতে বুলুবুল কেন ছিং ছবিখন কেৱল ভাৰতৰ দৰ্শকৰ বাবেহে উপলব্ধ হ’ব । ভিলেজ ৰকষ্টাৰছ্ ছবিখন নেটফ্লিক্সত ভাৰতৰ দৰ্শকৰ বাবে মুকলি পোৱাৰ বিপৰীতে এমাজন প্ৰাইমত সকলো দেশৰ লোকৰ বাবেই মুকলি হ’ব ভিলেজ ৰকষ্টাৰছ্ ।