নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ ভাৰতীয় ষ্টাম্প আইন সংগঠন কৰাৰ পিছত ৰাজ্যত ষ্টাম্প মাচুলৰ পৰিমাণ দুহাজাৰ শতাংশ পর্যন্ত বৃদ্ধিক লৈ সৰৱ হৈ পৰিছে অধিবক্তা সমাজ৷ এই আইন সংশোধনৰ জৰিয়তে ষ্টাম্প মাচুল বৃদ্ধি কৰি ইতিমধ্যে ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিত জুৰুলা হৈ পৰা সাধাৰণ লোকসকলৰ বাবে ভূতৰ ওপৰত দানহ পৰাৰ দৰে পৰিস্থিতি হৈছে বুলিও সমালোচনা কৰিছে সদৌ অসম উকীল সন্থাই৷ আজি গুৱাহাটীস্থিত কার্যালয়ত উকীল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে এখন সংবাদ মেলত কয় যে তেল, দাইল, গেছ সকলোতে মূল্যবৃদ্ধি হৈছে৷ বজাৰৰ ওপৰত চৰকাৰৰ নিয়ন্ত্রণ নাই৷ এতিয়ালৈ নিয়ন্ত্রিত বজাৰ গঢ় দিব পৰা নাই চৰকাৰে৷ ইয়াৰ মাজতে ষ্টাম্প মাচুল বৃদ্ধি নীতিবহির্ভূত৷ চৰকাৰক ৰাজহৰ প্রয়োজন আছে৷ কিন্তু ৰাজহ বৃদ্ধিৰ বাবে দুহাজাৰ শতাংশলৈকে মাচুল বৃদ্ধি কৰিব নোৱাৰে৷ সংবাদ মেলত উকীল সন্থাই সদৰী কৰা অনুসৰি এই আইনখন সংশোধনী কৰাৰ পিছত পূর্বে ১৫ টকাত উপলব্ধ হোৱা শপতনামাৰ বর্তমান মাচুল হৈছে ১০০ টকা৷
সেইদৰে এডপচন ডীডৰ মূল্য ২০০ টকাৰ পৰা ৫০০ টকালৈ, এগ্রিমেণ্ট আৰু মেম’ৰেণ্ডাম অৱ এগ্রিমেণ্টৰ মূল্য ২০ টকাৰ পৰা পাঁচ হাজাৰ টকালৈ, জেনেৰেল পাৱাৰ অৱ এটর্নীৰ মূল্য ২০০ টকাৰ পৰা এহাজাৰ টকালৈ, স্পেচিয়েল পাৱাৰ অৱ এটর্নীৰ মূল্য ১০০ টকাৰ পৰা ৫০০ টকালৈ, পার্টনাৰশ্বিপ ডীদৰ মূল্য ১০০ টকাৰ এহাজাৰ টকালৈ, ইণ্ডেমনীতি বণ্ডৰ মূল্য ৫০ টকাৰ পৰা এহাজাৰ টকা পর্যন্ত বৃদ্ধি পাইছে৷ সেয়েহে এই ষ্টাম্প মাচুলৰ অত্যধিক বৃদ্ধিৰ ক্ষেত্রত পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্রীক আহ্বান জনাই দাসে কয় যে মহাৰাষ্ট্র আৰু কর্ণাটক চৰকাৰে ষ্টাম্পৰ দাম হ্রাস কৰি এখন কল্যাণকামী চৰকাৰৰ নিদর্শন দাঙি ধৰিছে৷ অসমেও সাধাৰণ ৰাইজৰ কথা চিন্তা কৰি এনেধৰণৰ পদক্ষেপ গ্রহণ কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ কয়– ‘সকলো স্তৰৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জীয়াতু ভোগাইছে৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে দালালৰাজ, ক’লা ব্যৱসায়ীসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা ল’ব লাগিব৷ এইক্ষেত্রত চৰকাৰে সময়োপযোগী ব্যৱস্থা ল’ব বুলি আমি বিশ্বাসী৷ দুর্নীতি, ভ্রষ্টাচাৰ, মাফিয়াৰাজ আৰু ছিণ্ডিকেটৰাজৰ লগতে ড্রাগ্ছ ব্যৱসায়ৰ বিৰুদ্ধে লোৱা কার্যব্যৱস্থা এখন কল্যাণকামী চৰকাৰৰ এক উৎকৃষ্ট কার্যপন্থা৷
প্রশাসনিক সংস্কাৰসমূহ কেৱল চমক সৃষ্টিৰ পৰিৱর্তে বাস্তৱ ক্ষেত্রত সর্বকল্যাণমুখী এখন আদর্শ সমাজ গঢ়ি তুলিব বুলিও উকীল সন্থাই আশা প্রকাশ কৰে৷’ আনহাতে অধিবক্তাসকলৰ প্রতি কিছুসংখ্যক প্রশাসনিক বিষয়াৰ দুর্ব্যৱহাৰে গণতান্ত্রিক বিধি ব্যৱস্থাটোক অশ্রদ্ধাশীল কৰি তুলিছে বুলি উল্লেখ কৰি সন্থাৰ সাধাৰণ সম্পাদকজনে কয় যে অধিবক্তাই কোনো মক্কেলৰ ঘৰৰ মাটি ক্রয়–বিক্রয়ৰ অনুমতি বিচাৰি কেতিয়াও ঘৰলৈকে নাযায়৷ কিন্তু এচাম দুর্নীতিপৰায়ণ বিষয়া বিশেষকৈ চক্র বিষয়া, মণ্ডল, ৰাজহ প্রশাসনিক বিষয়া, কাননগোৰ অবাধ দুর্নীতি আৰু দালালে ৰাজহ বিভাগক দুর্নীতিৰ ভূস্বর্গলৈ পৰিণত কৰিছে৷ অধিবক্তা হিচাপে সামাজিক দায়বদ্ধতাৰে দীর্ঘদিনে জীয়াতু ভোগা ৰাইজক সহায় কৰিবলৈ যোৱাটো কেতিয়াও দালালি হ’ব নোাৱাৰে৷ ভাৰতৰ সংবিধানত অধিবক্তাসকলৰ কর্তব্যৰ বিষয়ে সুন্দৰভাৱে ব্যাখ্যা কৰা হৈছে– ভূমি, ৰাজহ আদালতৰ বিচাৰ প্রক্রিয়াত অধিবক্তাসকলে আদালতত মক্কেলৰ হৈ মোকর্দমা চলাব পাৰে৷
সেয়েহে এচাম প্রশাসনিক বিষয়াৰ কার্যালয়ত ৰাজহ সম্পর্কীয় গোচৰত প্রশাসনিক বিষয়াসকলে অধিবক্তাসকলক বাৰণ কৰিবলৈ লোৱাটো সম্পূর্ণ আইনবিৰুদ্ধ আৰু অসাংবিধানিক৷ অৱশ্যে নতুন চৰকাৰখনে দায়িত্ব গ্রহণৰ পিছতে অধিবক্তাসকলৰ কল্যাণৰ বাবে লোৱা ব্যৱস্থাৱলীৰ শলাগ লয় অসম উকীল সন্থাই৷ সংবাদ মেলত দাসে কয়– ‘মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁৰ ছমহীয়া কার্যকালতে অধিবক্তাসকলৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে৷ পূর্বে কোনো এখন চৰকাৰেই অধিবক্তাসকলৰ সমস্যাসমূহ সমাধানৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হোৱা নাছিল৷ যোৱা ২৪ জুনত আইন সচিবকে ধৰি অন্যান্য বিষয়াসকলৰ উপস্থিতিত হোৱা সভাত কেইবাটাও সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এখন পত্রযোগে আইন সচিবে উকীল সন্থাক সদৰী কৰা অনুসৰি মুখ্যমন্ত্রীয়ে কৰপাছ ফাণ্ডৰ বাবে ৫ কোটি টকা বাজেটত ধার্য কৰিবলৈ নির্দেশ দিছিল৷ সেইদৰে ভূমিহীন অধিবক্তাসকলৰ বাবে হাউছিং কলনী নির্মাণ কৰিবলৈ ভূমি আবণ্টন দিবলৈ যাৱতীয় নির্দেশ দিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ ক’ভিডত মৃত্যুবৰণ কৰা অধিবক্তাসকলৰ পৰিয়াললৈ প্রার্থনা আঁচনিৰ অধীনত সাহায্য প্রদান কৰাৰ বাবেও স্বাস্থ্য বিভাগক নির্দেশ দিছে মুখ্যমন্ত্রীয়ে৷ উকীল সন্থাৰ কার্যালয়ত ক’ভিড ভেকচিন প্রদানৰ ধাৰাবাহিক পদক্ষেপ ল’বলৈও তেওঁ স্বাস্থ্য বিভাগক নির্দেশনা দিছে৷ এয়া অধিবক্তা সমাজৰ বাবে নতুন চৰকাৰখনে লোৱা বলিষ্ঠ আৰু নির্ভৰযোগ্য পদক্ষেপ৷’ আজিৰ সংবাদ মেলত সন্থাৰ সভাপতি ডেভিদ লেজাৰ উপস্থিত থাকে৷