নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“নিয়মীয়া বাৰ্তা”ৰ বাতৰিৰ প্ৰভাৱঃ পলিটেকনিকত নামভৰ্তিৰ সুবিধা লাভ মেট্ৰিক বিশেষ পৰীক্ষাত উত্তীৰ্ণৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ এইবাৰ মেট্ৰিকৰ বিশেষ পৰীক্ষাত উত্তীৰ্ণসকলে অৱশেষত লাভ কৰিলে পলিটেকনিকত নাম ভৰ্তি কৰাৰ সুবিধা ৷ উল্লেখ্য যে পলিটেকনিক এডমিছন টেষ্টত উত্তীৰ্ণ কিন্তু কাৰিকৰী কাৰণত চলিত বৰ্ষত ক’ৰোনাকালীন পৰিস্থিতিৰ বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ সকলোকে মূল্যায়ন পদ্ধতিত উত্তীৰ্ণ কৰাৰ পাছতো ফলাফল লাভৰ পৰা বঞ্চিতসকলে পলিটেকনিকত নামভৰ্তি কৰিবলৈ সুবিধা লাভ নকৰিব বুলি ১০ ছেপ্টেম্বৰত বাতৰি প্ৰকাশ হৈছিল “নিয়মীয়া বাৰ্তা”ত৷

একমাত্ৰ এইখন কাকততে প্ৰকাশ পোৱা বাতৰিটোত উল্লেখ কৰা হৈছিল কিদৰে পলিটেকনিক এডমিছন পৰীক্ষাত উত্তীৰ্ণ হৈয়ো তেতিয়ালৈকে মেট্ৰিকৰ বিশেষ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া অনলাইন কাউন্সেলিংত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷

পৰৱৰ্তী পৰ্যায়ত উক্ত প্ৰকাশিত বাতৰিটোৰ আলমতে বহু অভিভাৱকে ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ ইমেইল প্ৰেৰণ কৰে ৷ পলমকৈ হ’লেও শিক্ষা বিভাগে মেট্ৰিকৰ বিশেষ পৰীক্ষা আয়োজন কৰে আৰু তাৰ ফলাফল বিগত ১৭ নৱেম্বৰত ঘোষণা কৰে ৷ ইয়াৰ পিছতে ৰাজ্যৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ে ২১, ২২ আৰু ২৩ নৱেম্বৰত বিশেষ পৰীক্ষাত অৱতীৰ্ণ কৰা সকলৰ বাবে পলিটেকনিক এডমিছনৰ পুনঃ তিনিদিনীয়া অনলাইন কাউন্সেলিংৰ আয়োজন কৰে ।

“নিয়মীয়া বাৰ্তা”ৰ প্ৰকাশিত বাতৰিৰ আলমতে বঞ্চিতসকলে কাৰিকৰী শিক্ষাগ্ৰহণত নামভৰ্তিৰ সুযোগ পোৱাটো নিশ্চিত হ’ল ৷ ইতিমধ্যে কেইবাগৰাকীও শিক্ষাৰ্থী-অভিভাৱকে কাকতখনৰ এই গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লৈছে ।

প্ৰেৰকঃ বুলন শইকীয়া, নাহৰকটীয়া

You might also like