অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও নগৰ শাখাৰ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও নগৰ শাখাৰ উদ্যোগত আৰু আৰোগ্য ৱেলনেছ ফাউণ্ডেচনৰ সহযোগত নগাঁৱৰ চকীটোপ পূজাবাড়িত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান আজি অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ এ বি ভি পিৰ জিলা সাংগঠনিক সম্পাদক তুষাৰ ভৌমিক , জিলা সংযোজক মৃত্যুঞ্জয় কুমাৰ মাহাতো, নগৰ শাখাৰ সম্পাদক ঋতুৰাজ দত্তকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রই কয় যে ড্ৰাগছ ৰ বিৰুদ্ধে কাম কৰা টো কেৱল আৰক্ষীৰ কাম নহয়, ইয়াৰ বিৰুদ্ধে সমাজৰ প্ৰত্যেকজন সচেতন ব্যক্তি একত্ৰিত হৈ যুজঁ দিব লাগিব। আমি আৰক্ষী হিচাপে কেৱল ইয়াৰ বিক্ৰী বন্ধ কৰিব পাৰিম কিন্তু ইয়াৰ চাহিদা সমাজ জাগ্ৰত হ’লেহে বন্ধ হ’ব । এ বি ভি পি ৰ দৰে বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনে যিধৰণে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰি আছে সেইয়া সচাকৈ শলাগ ল’বলগীয়া। আমি সকলোৱে মিলি এনেধৰণে সমাজ তথা দেশৰ বাবে কাম কৰিব লাগিব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে মন্তব্য কৰে ।