নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত বুজন পৰিমাণৰ ড্ৰাগছ সহ আটক ২ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ মৰিগাঁও জিলাৰ লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। লাহৰীঘাটত বুজন পৰিমাণৰ ড্ৰাগছ সহ দুই সৰবৰাহকাৰী আটক আৰক্ষীয়ে। যোৱা নিশা বৰবড়ী গাঁৱৰ পৰা ৩৬.০২ গ্ৰাম ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰী দুটা হল ডিমাপুৰৰ ইজাজ আলী আৰু আবজুল হুছেইন । ড্ৰাগছ সৰবৰাহকাৰী দুটাই ড্ৰাগছখিনি চাবোনৰ বাকচত আনিছিল।

গোপন খবৰৰ ভিত্তিত আটক কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমন কৰে ড্ৰাগছ মাফিয়াই । ড্ৰাগছ মাফিয়াৰ কামোৰৰ আক্ৰমনত লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়ো সহ দুই কনিষ্টবল আহত হয় । উল্লেখ্য যে জব্দ কৰা ড্ৰাগছ খিনি ডিমাপুৰৰ পৰা আনিছিল । আজি আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুটাক জেল হাজোতলৈ প্ৰেৰণ কৰে ।

You might also like