নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ববিঃলৈ উন্নীত হ’ব বঙাইগাঁও কলেজ পাঁচ মাহত বঙাইগাঁও মেডিকেলৰ কাম আৰম্ভ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ  বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকে বঙাইগাঁওবাসীৰ বাবে কঢ়িয়াই আনিছে ভালেকেইটা সুখবৰ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেবিনেট বৈঠকৰ পাছতে এখন সংবাদ মেলত অহা ৩ বছৰৰ ভিতৰত বঙাইগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ ঘোষণা কৰে৷ ৰাজ্য চৰকাৰে ইতিমধ্যে ৬খন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত লোৱাৰ পাছত আজি বঙাইগাঁও কলেজকো বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ ঘোষণা কৰে৷ বাকী ছয়খন কলেজ অহা দুবছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বিপৰীতে বঙাইগাঁও কলেজক তিনি বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি তেওঁ প্রকাশ কৰে৷ সেইদৰে প্রস্তাৱিত বঙাইগাঁও মেডিকেল কলেজৰ কাম অহা ৪–৫ মাহৰ ভিতৰত আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নাবার্ডৰ পৰা ৰাজ্য চৰকাৰে ইতিমধ্যে মেডিকেল কলেজখন স্থাপনৰ বাবে ৫৫০ কোটি টকা লৈছে৷

একেদৰে বঙাইগাঁৱৰ নতুন উপায়ুক্তৰ কার্যালয়টো ৫০ কোটি টকা ব্যয়েৰে নির্মাণৰ বাবেও কেবিনেটে অনুমোদন জনায়৷ বঙাইগাঁও ষ্টেডিয়ামখনৰ বাবেও কেবিনেটে ২৫ কোটি টকাৰ অনুমোদন জনায়৷ আনহাতে, গুৱাহাটীৰ বাহিৰত তৃতীয়খন কেবিনেট অহা জানুৱাৰী মাহত হাফলঙত অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দি কয় যে অহা ডিচেম্বৰ মাহত বিধানসভাৰ অধিৱেশন আছে৷ সেয়ে ডিচেম্বৰত কেবিনেট গুৱাহাটীতে অনুষ্ঠিত হ’ব৷ তেওঁ আৰু কয় যে এতিয়ালৈ ৰাজধানীৰ বাহিৰত অসম চৰকাৰৰ সাতখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে৷ ১৯৫১ চনৰ ২৮ ডিচেম্বৰত সেই সময়ৰ মুখ্যমন্ত্রী বিষ্ণুৰাম মেধিয়ে শ্বিলঙৰ পৰিৱর্তে গুৱাহাটীত কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল৷ ১৯৭১ চনত তেতিয়াৰ মুখ্যমন্ত্রী মহেন্দ্র মোহন চৌধুৰীয়েও ৰাজধানী শ্বিলঙৰ পৰিৱর্তে গুৱাহাটীত কেবিনেট অনুষ্ঠিত কৰিছিল৷ হিতেশ্বৰ শইকীয়া চৰকাৰেও ১৯৮৪ আৰু ১৯৯৪ চনত দুখন কেবিনেট বৰঝাৰত অনুষ্ঠিত কৰিছিল৷

প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও ২০১৬ চনত এখন কেবিনেট মাজুলীত অনুষ্ঠিত কৰিছিল৷ বর্তমান চৰকাৰখনে ধেমাজিৰ পাছত আজি বঙাইগাঁৱত কেবিনেট অনুষ্ঠিত কৰে৷ ইপিনে কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মাই বঙাইগাঁৱৰ কেইবাটাও আন্তঃগাঁথনিমূলক প্রকল্পৰো উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে৷ বঙাইগাঁও চহৰৰ বৰো বজাৰস্থিত কেন্দ্রীয় বজাৰ উন্নয়নৰ অর্থে আজি ইয়াৰ নির্মাণকার্যৰ আধাৰশিলা স্থাপন কৰে৷ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ ১৬.৬৮ কোটি টকা ব্যয়েৰে ভূমি মহলাসহ ৬ মহলীয়া এই চিলাৰায় কেন্দ্রীয় বজাৰখন নির্মাণৰ উদ্যোগ লোৱা হৈছে৷ ২,১২৩.৭৮ বর্গমিটাৰ এলেকাত নির্মাণ হ’বলগীয়া এই অত্যাধুনিক বাণিজ্যিক চৌহদে বঙাইগাঁও চহৰৰ বিকাশ সাধনৰ লগতে এক অনুকূল বাণিজ্যিক বাতাৱৰণ সৃষ্টিতো সহায় কৰিব৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদর্শন কৰি বিদ্যালয়খনৰ শিক্ষার্থী আৰু শিক্ষক–শিক্ষয়িত্রীস সৈতে মত বিনিময় কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে বিল্ডিং এজ লার্নিং এইড আঁচনিৰ অধীনত এখন বিশাল ৰে’লৰ আর্হিৰে নতুন ৰূপ দিয়া বীৰঝৰা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়খনো পৰিদর্শন কৰি বিদ্যালয়খনৰ শিক্ষার্থী আৰু শিক্ষক–শিক্ষয়িত্রীস লগত কিছু সময় অতিবাহিত কৰি মত বিনিময় কৰে৷ তেওঁলোকক উদ্দেশ্যি প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীৰ সৈতে আলোচনা কৰি বিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু অধিক উন্নত কৰাৰ দিশত ভৱিষ্যতে পদক্ষেপ লোৱা হ’ব বুলি কয়৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই দেউৰীপাৰাত প্রধানমন্ত্রী মৎস্য সম্পদ যোজনাৰ ‘সম্পূর্ণ’ প্রকল্পৰ অধীনত নির্মাণ কৰি উলিওৱা ল’ ক’ষ্ট বায়’ ফ্লক ইউনিট উদ্বোধন কৰি চাৰিটা প্রজাতিৰ মাছৰ পোনা আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে৷ এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই মৎস্য বিপণনত সহায়ক হোৱাকৈ পাঁচটা মহিলা আত্মসহায়ক গোটলৈ বৰফৰ বাকচসহ পাঁচখন তিনিচকীয়া বাহন আনুষ্ঠানিকভাৱে প্রদান কৰে৷ আজিৰ এই বঙাইগাঁও ভ্রমণকালতে মুখ্যমন্ত্রী ড০ শর্মাই বঙাইগাঁও চহৰৰ সৌন্দর্যবর্ধনত বিশেষ মাত্রা প্রদান কৰি বীৰ চিলাৰায় উৰণ সেতুৰ কাষত নির্মাণ কৰা ক্লক টাৱাৰ আনুষ্ঠানিকভাৱে বন্তি প্রজ্বলন কৰি উদ্বোধন কৰে৷ এই ক্লক টাৱাৰটো পঞ্চদশ বিত্ত আয়োগৰ অনুদানেৰে নির্মাণ কৰি উলিওৱা হৈছে৷

ইয়াৰ পাছতে মুখ্যমন্ত্রীয়ে বঙাইগাঁও পৰিৱেশ উন্নয়ন উদ্যানত প্রকল্প সমৃদ্ধিৰ অধীনত নির্মাণ কৰা ৰাজহুৱা একুৰিয়াম আনুষ্ঠানিকভাৱে ৰাইজলৈ উৎসর্গা কৰে৷ সন্ধিয়া মুখ্যমন্ত্রীয়ে বঙাইগাঁও আৱর্ত ভৱনত বিভিন্ন দল–সংগঠনৰ প্রতিনিধিক সাক্ষাৎ কৰি মত বিনিময় কৰে৷ মুখ্যমন্ত্রীৰ আজিৰ এই অনুষ্ঠানসমূহত মন্ত্রী পৰিমল শুক্লবৈদ্য, পীয়ূষ হাজৰিকা, স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী আৰু বঙাইগাঁও জিলাৰ উপায়ুক্তও উপস্থিত থাকে৷ ইফালে মুখ্যমন্ত্রীৰ প্রতিটো কার্যসূচীতে আজি অনুৰাগীৰ ভিৰ পৰিলক্ষিত হয়৷ কেবিনেট সমাপ্ত কৰি উপায়ুক্তৰ কার্যালয়ৰ পৰা ওলাই অহাৰ সময়ত কার্যালয় চৌহদত অসংখ্য অনুৰাগীয়ে ভিৰ কৰে৷ জনপ্রিয় মুখ্যমন্ত্রীজনক কাষৰে পৰা চোৱাৰ লগতে কথা পাতিবলৈ হেতা–ওপৰা লগোৱাও দেখা যায়৷ একাংশ অনুৰাগীয়ে মামা মামা বুলি চিঞৰি মুখ্যমন্ত্রীৰ হাত চুই চোৱাৰ লগতে ছেলফি উঠি আনন্দিত হৈ পৰে৷

You might also like