নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰজোৰা কার্যসূচীৰে চৰকাৰে উদ্যাপন কৰিব বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ সর্বকালৰ শ্রেষ্ঠ জাতীয় মহানায়ক লাচিত বৰফুকনে বুধবাৰে ৪০০ বছৰত ভৰি দিলে৷ লাচিত দিৱসৰ দিনটোতে বঙাইগাঁৱৰ উপায়ুক্তৰ কার্যালয়ত আজি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী বছৰজোৰা কার্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন সংবাদ মেলত এই সিদ্ধান্তৰ বিষয়ে প্রকাশ কৰি কয় যে সাংস্কৃতিক বিভাগ ন’ডেল বিভাগ হিচাপে থাকি বছৰজোৰা কার্যসূচীৰে লাচিত বৰফুকনৰ জন্মজয়ন্তী পালন কৰিব৷ ৰাষ্ট্রীয় প্রেক্ষাপটত এই মহান ব্যক্তিগৰাকীৰ গুৰুত্ব বঢ়োৱাৰ উদ্দেশ্য আগত ৰাখিয়েই এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ কেৱল অসমতে নহয়, দিল্লী–মুম্বাইতো মহান নেতাগৰাকীৰ কর্মৰাজি, দেশপ্রেমক লৈ আলোচনা–চক্র অনুষ্ঠিত কৰিব৷

ইপিনে, লাচিত দিৱস উপলক্ষে মুখ্যমন্ত্রী ড০ শর্মাই  কেবিনেট বৈঠকৰ পূর্বে বঙাইগাঁও জিলা উপায়ুক্তৰ কার্যালয়ত আয়োজিত এক অনুষ্ঠানত বীৰগৰাকীৰ প্রতিচ্ছবিত মাল্যার্পণ কৰি গভীৰ শ্রদ্ধা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীৰ সৈতে মন্ত্রী সভাৰ আটাইকেইগৰাকী সদস্যয়ো মাল্যার্পণেৰে বীৰগৰাকীৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াৰ পাছতে উপস্থিত সংবাদিকসকলক উদ্দেশি প্রদান কৰা বক্তব্যত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজিৰ দিনটো অসমবাসীৰ বাবে এক অত্যন্ত গৌৰৱৰ দিন৷ প্রতিবছৰে ২৪ নৱেম্বৰৰ দিনটোক অসমবাসীয়ে গৌৰৱেৰে পালন কৰে৷ সর্বকালৰ শ্রেষ্ঠ জাতীয় মহানায়কগৰাকীৰ বীৰগাথা তথা গৌৰৱময় কর্মৰাজি স্মৰণ কৰি মুখ্যমন্ত্রীয়ে বীৰগৰাকীয়ে যি মহান আদর্শৰে মোগলক পৰাভূত কৰিছিল, সেই কর্মযজ্ঞত যাতে ব্রতী হৈ থাকিব পাৰে, তাৰ বাবে আশীর্বাদ কামনা কৰে৷ লাচিতৰ বীৰত্ব আৰু শৌর্য–বীর্যই বৃহত্তৰ অসমীয়া জাতিক সদায়ে উদ্বুদ্ধ আৰু প্রেৰণা যোগাই যাব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ ঐতিহাসিক শৰাইঘাটৰ ৰণত অতুলনীয় সাহস, বীৰত্ব আৰু নেতৃত্বৰ অমল স্বাক্ষৰ বহন কৰি যোৱা লাচিত বৰফুকনৰ প্রতি অসম জননী চিৰকালৰ বাবে কৃতজ্ঞ হৈ থাকিব বুলিও তেওঁ কয়৷

You might also like