নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠ কোটি গৰাকীবিহীন কুকুৰ–মেকুৰীৰ বিচৰণভূমি ভাৰত

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ বহু গৃহহীন লোকৰ দেশেই নহয় ভাৰত৷ এই দেশখনত আছে ৭৯.৯ নিযুত অর্থাৎ প্রায় ৮ কোটি গৰাকীবিহীন কুকুৰ আৰু মেকুৰী৷ দেশৰ বিভিন্ন চহৰৰ ৰাজপথ নাইবা আশ্রয় কেন্দ্রত আছে এই গৰাকীবিহীন পশুবোৰ৷ শেহতীয়াকৈ ‘ষ্টেট অৱ পেট হোমলেছনেছ ইনডেক্স’ৰ প্রতিবেদনত এই তথ্য পোহৰলৈ আহিছে৷ আমেৰিকা, চীন আৰু জার্মানীতকৈ ভাৰতত গৰাকীবিহীন পশুৰ সংখ্যা বেছি৷ মার্চ পেটকেয়াৰ ইণ্ডিয়াৰ প্রতিবেদন অনুসৰি, এইক্ষেত্রত ভাৰতৰ স্থান শীর্ষত৷

উল্লেখনীয় যে পশু কল্যাণ বিশেষজ্ঞৰ এক উপদেষ্টা মণ্ডলীৰ সহযোগত এই প্রতিবেদন যুগুতোৱা হৈছে৷ ক’ভিড–১৯ মহামাৰীৰ ক্ষেত্রত পোহনীয়া পশুৰ মালিকানা বৃদ্ধি পোৱা সত্ত্বেও ভাৰতত অভাৱনীয়ভাৱে ৰাজপথত বিচৰণ কৰি থকা গৰাকীবিহীন পশুৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ভিডৰ লকডাউনৰ সময়ত প্রতি ১০জন লোকৰ ৬জনেই পশুপালন কৰিবলৈ উৎসাহী হৈছিল যদিও ভাৰতত এইক্ষেত্রত বিভিন্ন সমস্যাাই দেখা দিছে৷ বিশেষকৈ বিত্তীয় সীমাবদ্ধতা, পশু ৰখাৰ স্থানৰ অভাৱ আৰু সজাগতাহীনতাৰ বাবেই এতিয়াও প্রায় ৮ কোটি পশু গৰাকীবিহীনভাৱে আছে দেশখনত৷

You might also like