ধুবুৰীতো আৰম্ভ ‘হৰ ঘৰ দস্তক’ অভিযানৰ দ্বিতীয় পৰ্যায় – জিলা উপায়ুক্তৰ সংবাদমেল
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ ৰাজ্যৰ এশ শতাংশ লোকৰ কোভিড টিকাকৰণ সম্পূৰ্ণ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা ‘হৰ ঘৰ দস্তক’ শীৰ্ষক অভিযানৰ দ্বিতীয় পৰ্যায় আজিৰে সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো আৰম্ভ হৈছে৷ অহা ৫ ডিচেম্বৰলৈ এসপ্তাহ জুৰি চলিবলগীয়া এই অভিযানৰ সৱিশেষ জনাবলৈ আজু ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত আয়োজিত হয় সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলখনত জিলাখনৰ উপায়ুক্ত অন্বামুথন এম পিয়ে জিলাখনৰ ৩৭৩ টা ভোটকেন্দ্ৰক ৭টা জ’ন আৰু ১৩৬ টা ছেক্টৰত ভাগ কৰি নিৰ্বাচনকালীন তৎপৰতাৰে ‘হৰ ঘৰ দস্তক’ অভিযান আৰম্ভ কৰা হৈছে বুলি সদৰি কৰে ৷ সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰু ৰূপে চলাবলৈ ইতিমধ্যে জিলাখনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এজনকৈ ভেকচিন ভেৰিফিকেশ্বন বিষয়া, সহকাৰী ভেকচিন ভেৰিফিকেশ্যন বিষয়া নিযুক্তি দিয়াৰ সমান্তৰালকৈ তেওঁলোকক দুগৰাকীক বি এল অ’, আশা কৰ্মী আদিয়ে সহযোগ কৰা বুলি জানিব পৰা হৈছে।
জানিব পৰা মতে যোৱা ২৭ নৱেম্বৰলৈ চলা ‘হৰ ঘৰ দস্তক’ৰ প্ৰথম পৰ্যায়ত ধুবুৰী জিলাৰ ভোটকেন্দ্ৰ পৰ্যায়ত সমীক্ষা কৰি ৪৭৪৫ গৰাকী কোভিড প্ৰতিষেধক লবলৈ অমান্তি হোৱা বা ইচ্ছা নকৰা ব্যক্তিৰ সৰ্বাধিক ৩২৫৩ গৰাকী হ’ল ধুবুৰী বিধানসভা সমষ্টিৰ৷ আনহাতে খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হিচাপত ধৰ্মশালা বি পি এইচ চিত সৰ্বাধিক ৩২৭০ গৰাকী, ৰাণীগঞ্জ বি পি এইচ চিত দ্বিতীয় সৰ্বাধিক ৮৫২ গৰাকী কোভিড প্ৰতিষেধক লবলৈ অমান্তি হোৱা বা ইচ্ছা নকৰা ব্যক্তি পোৱা গৈছে৷ আজিৰে পৰা আৰম্ভ হোৱা ‘হৰ ঘৰ দস্তক’ অভিযানত ধুবুৰীৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাস, অভিভাৱক সচিব জে বি এক্কা, ধুবুৰী জিলাত অভিযানৰ পৰ্যবেক্ষণৰ বাবে চৰকাৰে দায়িত্ব দিয়া শিক্ষা বিভাগৰ সচিব ধ্ৰুৱজ্যোতি দাস, জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, আৰক্ষী বিষয়া, স্বাস্থ্য বিভাগৰ বিষয়া আৰু সকলো দায়িত্বপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীয়ে ভেকচিন গ্ৰহণ নকৰা ব্যক্তিৰ ঘৰে ঘৰে গৈ ততালিকে ভেকচিন গ্ৰহণৰ বাবে উৎসাহিত কৰাৰ লগতে সকলোৱে যাতে ভেকচিন লয় সেসা নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা গৈছে।
আজিৰ সেই সংবাদমেলখনৰ যোগেদি জিলা উপায়ুক্তই ভেকচিন ল’বৰ বাবে ৰাইজক উৎসাহিত কৰিবলৈ পঞ্চায়ত প্ৰতিনিধি, স্থানীয় ৰাজনৈতিক নেতাসকলকো আহ্বানো জনায়৷ ইপিনে ধুবুৰী চহৰৰ প্ৰায় ১০০ শতাংশ লোকে কমেও এপালি ভেকচিন লৈছে যদিও ৩০ হেজাৰ লোকে সময় হোৱা স্বত্বেও দ্বিতীয় পালি প্ৰতিষেধক লোৱা নাই বুলিও জানিব পৰা গৈছে। আজিৰ সেই সংবাদমেলখনত ‘হৰ ঘৰ দস্তক’ অভিযানৰ ধুবুৰী জিলাৰ পৰ্যবেক্ষক তথা শিক্ষা বিভাগৰ সচিব ধ্ৰুৱজ্যোতি দাস, প্ৰতিষেধকৰ দায়িত্বত থকা ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, ধুবুৰীৰ যুঁটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ইমদাদ উল্লাহ প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী বিষয়া আৰু স্বাস্থ্য বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত আছিল৷