নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক ৰূপজ্যোতি কুৰ্মীক ক্ৰীড়া সন্থাৰ সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ বৃহত্তৰ মৰিয়নি অঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰৰ উল্লেখনীয় অনুষ্ঠান মৰিয়নি ক্ৰীড়া সন্থাৰ সভাপতি তথা একেৰাহে পঞ্চম বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক মৰিয়নি ক্ৰীড়া সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে । এই উপলক্ষ্যে আজি সন্ধিয়া মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । মৰিয়নি ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক দিব্যজ্যোতি শইকীয়া আৰু কোষাধ্যক্ষ দীপেন দাসে আঁ‌ত ধৰা অনুষ্ঠানটোত ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপজ্যোতি কুৰ্মীক গামোচা, চেলেং চাদৰ, ফুলৰ থোপা, সম্বৰ্ধনা পত্ৰ, শৰাই আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

সম্বৰ্ধনা গ্ৰহণ কৰি সভাপতি তথা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণৰ বাবে সকলো সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । মৰিয়নি ক্ৰীড়া সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক দীপক দত্তই বক্তব্য প্ৰদান কৰি ৰাজনীতিৰ পথাৰৰ লগতে ক্ৰীড়াৰ পথাৰতো অধিক সক্ৰিয় হ’ব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানটোত মৰিয়নি ক্ৰীড়া সন্থাৰ ড’নাৰ মেম্বাৰ তথা বিশিষ্ট যুৱ ব্যৱসায়ী আশীষ জৈনে মৰিয়নি ক্ৰীড়া সন্থা আৰু বাপুজী ষ্টেডিয়ামৰ উন্নয়নৰ বাবে সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে । চমু আৰু সুন্দৰ অনুষ্ঠানটোত বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী নেকিব ইছলাম, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যুত দত্ত, শিক্ষক – জ্যেষ্ঠ ক্ৰীড়া সংগঠক প্ৰদীপ মজুমদাৰ, সংবাদকৰ্মী প্ৰাঞ্জল পাওগাম, মহেশ্বৰ গোৱালা, মৃগন্ত হাজৰিকা, মিকু পাওগাম, দেবু গোৱালা, ৰাজীৱ কৰ্মকাৰ, জয়ন্ত চেতিয়া, নিত্যৰঞ্জন ফুকন, মুন নায়ক, দেৱজিত শইকীয়া, ৰাতুল গগৈ, মাধুৰ্য গগৈ, অনিল উৰাং, দীপক তাঁ‌তী, নেইনা ভূমিজ, মইনা গগৈ, উৎপল গগৈ, উইলিয়াম ভালুৰী, দাৰা নায়ক আদি বহুসংখ্যক লোক উপস্থিত থাকে ।

You might also like