নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিৰাকল অন হুইলছ, দিব্যাংগ শিল্পীৰ অভিনৱ শিল্পকলা প্রদর্শন

‘উদয়াচল’ৰ একাদশ প্রতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ অদম্য সাহস আৰু সুপ্ত প্রতিভা সন্মুখলৈ উলিয়াই অনাৰ চেষ্টাত ব্রতী উদয়াচলে বিশেষভাৱে সক্ষম শিশুসকলক লৈ ১১টা বর্ষ অতিক্রম কৰিলে৷ দিব্যাংগসকলৰ মাজত লুকাই থকা অলেখ প্রতিভা ৰূপান্তৰ কৰাৰ লক্ষ্যৰে এক দীঘলীয়া যাত্রা অতিক্রম কৰি আজি ১১ বছৰত ভৰি দিয়াৰ এই শুভক্ষণত উদয়াচলে ঈশ্বৰৰ বিশেষ সন্তানসকলক লৈ অনুষ্ঠিত কৰিলে এক অনন্য অনুষ্ঠান৷ য’ত শাৰীৰিক আৰু মানসিক উত্তৰণ ঘটা উদয়াচলৰ দ্বাৰা বিশেষভাৱে প্রশিক্ষিত হৈ উঠা একাংশ দিব্যাংগ শিশুৱে প্রদর্শন কৰিলে তেওঁলোকৰ শৰীৰ আৰু মনৰ মাজত লুকাই থকা সৃষ্টিশীলতা৷

উল্লেখ্য যে যাদৱ চন্দ্র ভূঞা মেম’ৰিয়েল ট্রাষ্টৰ শাখা হিচাপে প্রতিষ্ঠিত উদয়াচলৰ ১১সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে সোমবাৰে ইউনিভার্ছিটী অৱ ছায়েন্স এণ্ড ট্রেকন’লজী, মেঘালয় (ইউএছটিএম)ৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ’ল এক আটকধুনীয়া আৰু আকর্ষণীয় অনুষ্ঠান৷ মুখ্যতঃ দিব্যাংগ শিশুসকলৰ সুপ্ত প্রতিভাক তুলি ধৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ সাহস আৰু মানৱীয় আন্দোলনক প্রাণ দি এক দীঘলীয়া যাত্রা অতিক্রম কৰা উদয়াচলৰ প্রতিষ্ঠা দিৱসত শুভকামনা জনালে মুখ্যমন্ত্রীয়ে৷ এক চমু ভাষণত মুখ্যমন্ত্রীয়ে কয়– ‘উদয়াচল আমাৰ দিব্যাংগ শিশুসকলৰ বাবে আৰম্ভ কৰা এক সুন্দৰ অনুষ্ঠান৷ এই অনুষ্ঠানৰ জৰিয়তে শিশুসকলক যত্ন লোৱাৰ লগতে তেওঁলোকৰ সর্বাংগীণ উন্নয়নৰ বাবে কাম কৰা হয়৷ আজি অনুষ্ঠানে ১১ বছৰত ভৰি দিলে৷ মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ৷’

উল্লেখ্য যে মুখ্যমন্ত্রীৰ আগমনৰ লগে লগে এই বিশেষ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধিয়েই নহয়, উপস্থিত থকা শিশু, ছাত্র–ছাত্রীসকল উছাহত ফাটি পৰে৷ মামা, মামা বুলি চিঞৰি মুখ্যমন্ত্রীগৰাকীক সম্ভাষণ জনাই প্রিয় নেতাগৰাকীৰ ওচৰ চাপি ছেলফি তুলিবলৈ হেতা–ওপৰা লগায়৷ আয়োজকসকলে মুখ্যমন্ত্রীক বিহুনৃত্যৰ লগতে কেইবাটাও জনগোষ্ঠীয় নৃত্যৰে আদৰণি জনায়৷ যাদৱ চন্দ্র ভূঞা মেম’ৰিয়েল ট্রাষ্টৰ অধ্যক্ষা ৰিণিকি ভূঞা শর্মাৰ বিশেষ উদ্যোগ আৰু প্রচেষ্টাত প্রাণ পাই উঠা উদয়াচলৰ এই প্রতিষ্ঠা দিৱস অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে আমন্ত্রিত হোৱা ‘মিৰাকল অন হুইলছ’ গ্রুপে প্রদর্শন কৰিলে এক অনন্য প্রতিভা৷ য’ত চকাত আলৌকিকতাৰ সৃষ্টি দেখুওৱা হয়৷ সৃষ্টিশীলতা কেতিয়াও পক্ষপাতদুষ্ট নহয়৷ এই সত্যৰ এক জীৱন্ত উদাহৰণ দাঙি ধৰিলে মিৰাকল অন হুইলছে৷ পৰম্পৰাগত আৰু শাস্ত্রীয় নৃত্যৰ লগতে আধুনিক আৰু পাশ্চাত্য সংগীতৰ ফিউজন ঘটাই মিৰাকল অন হুইলছৰ শিল্পীসকলে আকর্ষণীয় কৰি তুলিলে ১১সংখ্যক প্রতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠান৷ আধুনিক নৃত্য পৰিচালনাৰে হুইল চেয়াৰত বহিয়েই শিল্পীসকলে নিখুঁতভাৱে নৃত্য প্রদর্শন কৰি প্রতিগৰাকী দর্শকক আপ্লুত কৰাৰ লগতে সমগ্র অনুষ্ঠানটো সর্বাংগসুন্দৰ কৰি তোলে৷

ট্রাষ্টৰ অধ্যক্ষা ৰিণিকি ভূঞা শর্মাৰ আমন্ত্রণত এই প্রতিষ্ঠা দিৱসত উপস্থিত হোৱা শিল্পীসকলৰ এনে শিল্প কলা দেখি অধ্যক্ষাগৰাকীও বিশেষভাৱে সক্ষম শিল্পীসকলৰ উত্তৰণ কামনা কৰাৰ লগতে অসমত তেওঁলোকে কর্মশালা আয়োজনৰ বাবে যি আশা প্রকাশ কৰিছে, তাৰ প্রতি সঁহাৰি দিব বুলিও প্রতিশ্রুতি দিয়ে৷ আজিৰ অনুষ্ঠানৰ আদৰণি ভাষণ আৰু শলাগৰ শৰাই আগবঢ়ায় যাদৱ চন্দ্র ভূঞা মেম’ৰিয়েল ট্রাষ্টৰ কনিষ্ঠ সদস্যা সুকন্যা শর্মাই৷

উল্লেখ্য যে উদয়াচলত দিব্যাংগ শিশুসকলক দিয়া হয় বিশেষ প্রশিক্ষণ৷ শাৰীৰিক–মানসিক উত্তৰণৰ বাবে ভগৱানৰ এই বিশেষ সন্তানসকলে যাতে সকলো দিশতে বিকাশ লাভ কৰে, তাৰ বাবে এক মানৱীয় আন্দোলন চলাই আহিছে অনুষ্ঠানটোৱে৷ এই মানৱীয় আন্দোলনে ইতিমধ্যে ১০ বছৰ অতিক্রম কৰিলে৷ এই ১০ বছৰতেই অনেক দিব্যাংগ শিশুৱে লাভ কৰিছে সর্বাংগীণ বিকাশ৷ এনে কাম–কাজে এতিয়া উদয়াচলক নিজ লক্ষ্যত উপনীত কৰাইছে৷ এই অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্রী পীয়ূষ হাজৰিকা, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী বিষয়া তুলিৰাম ৰংহাং, বিধায়ক দিগন্ত কলিতা, ৰেকিবুদ্দিন আহমেদৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like