নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাঁহি–মাতি ওলাই যোৱা অনিমেষৰ নিথৰ দেহ ঘৰলৈ আহিল এম্বুলেঞ্চত

নৰাধমৰ দুষ্কার্যত ছাত্র নেতাৰ জন্মস্থান খকন্দগুৰিত ক্ষোভৰ উদ্গীৰণ

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ যোৰহাটত মানৱৰূপী দানৱৰ হাতত প্রাণ হেৰুওৱা সৰবৰহী ছাত্রনেতা অনিমেষ ভূঞাৰ নশ্বৰ দেহ লৈ অনাৰ পাছতে জন্মস্থান দেৰগাঁৱৰ ১নং খকন্দগুৰিত ক্ষোভৰ উদ্গিৰণ ঘটে৷ গাঁওবাসীয়ে নৃশংস হত্যাকাণ্ডটোক একমুখে গৰিহণা দিয়াৰ লগতে ইয়াৰ বাবে দায়ী কৰিছে আৰক্ষীক৷ কিদৰে দিনৰ পোহৰত যোৰহাটৰ দৰে সদাব্যস্ত নগৰ এখনত এনে ঘটনা সংঘটিত হ’বলৈ পালে আৰু আৰক্ষী বাহিনীয়ে কি কৰি আছিল বুলি সকলোৱে প্রশ্ন উত্থাপন কৰিছে৷ আনকি আৰক্ষীক তীব্র ভর্ৎসনা কৰি গাঁওবাসীয়ে অসম আৰক্ষী মুর্দাবাদ, দোষীক উচিত শাস্তি বিহক আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে৷ উত্তেজিত ৰাইজে পলমকৈ উপস্থিত হোৱা দেৰগাঁও আৰক্ষীৰ দলক ঘেৰাও কৰে৷ লগতে বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধেও সৰৱ হৈ উঠে৷ দোষীক উপযুক্ত শাস্তি প্রদান নকৰিলে ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে ৰাইজে৷

উল্লেখ্য যে ১নং খকণ্ডগুৰি নিৱাসী নবীন ভূঞা আৰু হীৰা ভূঞাৰ জ্যেষ্ঠ পুত্র ২৭ বছৰীয়া অনিমেষ ভূঞা ব্রহ্মপুত্র আঞ্চলিক ছাত্র সন্থাৰ শিক্ষা সম্পাদক হোৱাৰ লগতে মহাবাহু প্রেছ নামেৰে এটা ছপাশাল প্রতিষ্ঠা কৰি কেইবাজনকো সংস্থাপনৰ পথ মোকলাই দিছিল৷ এই প্রেছটোৰ বাবে সামগ্রী ক্রয়ৰ কাৰণে অনিমেষ ভূঞাই দুই বন্ধু প্রণয় দত্ত আৰু মৃদুস্মন্ত বৰুৱাৰ সৈতে সোমবাৰে যোৰহাটলৈ গৈছিল৷ ঘৰৰ পৰা হাঁহি–মাতি ওলাই যোৱা অনিমেষৰ নিথৰ দেহ সন্ধিয়াৰ ভাগত লৈ অনা হয় এম্বুলেঞ্চত উঠাই৷ সৰবৰহী যুৱকজনৰ মৃতদেহ ঘৰলৈ অনাৰ পাছতে তেওঁৰ দুর্ভগীয়া পৰিয়ালটো বাক্ৰুদ্ধ হৈ পৰে৷ এতিয়া সমগ্র ১নং খকণ্ডগুৰি গাঁৱতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে৷ কাৰো মুখত মাত নাই৷

You might also like