নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটৰকুছি, কইনাধৰাৰ ঘৰে ঘৰে মুখ্য সচিব জিষ্ণু বৰুৱা

‘হৰ ঘৰ দস্তক’ৰ ৰূপায়ণত সজাগতা

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হোৱা ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পর্যায়ৰ অভিযানৰ লগত সংগতি ৰাখি জনসাধাৰণক ক’ভিড ভয়াৱহতাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে প্রথম দিনা জিলাখনৰ ‘হৰ ঘৰ দস্তক’ৰ দুই নিৰীক্ষক অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু সচিবালয়ৰ প্রশাসনিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে মানুহৰ ঘৰে ঘৰে গৈ ক’ভিড প্রতিষেধক প্রদানৰ ব্যৱস্থা গ্রহণ কৰে৷ অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই পাটৰকুছি, কইনাধৰা আদি ঠাইৰ মানুহৰ ঘৰে ঘৰে গৈ ক’ভিড টিকা গ্রহণ কৰিবলৈ অমন্তি হোৱা কেইবাজনো লোকক বুজাই–বঢ়াই সৈমান কৰি ক’ভিড টিকা গ্রহণ কৰাবলৈ সক্ষম হয়৷ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস তথা স্বাস্থ্য বিভাগৰ বিষয়াবর্গ, আশাকর্মী আদিৰ সহযোগত মুখ্য সচিবগৰাকীয়ে প্রথমতে পাটৰকুছি মধ্য ইংৰাজী বিদ্যালয় প্রাংগণৰ ক’ভিড টিকা প্রদান কেন্দ্র পৰিদর্শন কৰাৰ পিছত পাটৰকুছিৰ কার্বিপথৰ ধীৰেন দাসৰ ঘৰত প্রৱেশ কৰে আৰু অঞ্চলটোৰ প্রতিষেধক ল’বলৈ অমান্তি হোৱা ৩জন লোকক ভালদৰে বুজাই–বঢ়াই প্রতিষেধক প্রদানৰ ব্যৱস্থা লোৱাৰ উপৰি ৭জনক ২য় পালি টিকা প্রদান কৰোৱায়৷

ইয়াৰ পিছতে মুখ্য সচিবগৰাকী কইনাধৰাৰ উদয় নগৰৰ হেল্থ চিটী নার্ছিং হোমৰ ওচৰত দোকানসমূহত প্রৱেশ কৰে আৰু দোকানত নিয়োজিত কর্মচাৰীসকলে প্রতিষেধক লোৱা–নোলোৱা বিষয়ে সোধা–পোছা কৰি প্রতিষেধক প্রদানৰব্যৱস্থা লোৱাৰ উপৰি কলেজত অধ্যয়নৰত ছাত্র, গৃহিণী, দিনহাজিৰা কৰা লোক আদি মুঠ ২৩জনক ঠাইতে প্রতিষেধক প্রদান কৰোৱায়৷ অনুৰূপ ধৰণে সচিবালয়ৰ প্রশাসনিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে গাডীগাঁও, জালুকবাৰী আদি এলেকাৰ ভোট কেন্দ্রৰ ক’ভিড টিকাকৰণ কেন্দ্রসমূহ পৰিদর্শন কৰাৰ উপৰি কেইবাগৰাকীও ব্যক্তিৰ ঘৰলৈ যায় আৰু ঠাইতে ক’ভিড প্রতিষেধক প্রদান কৰোৱায়৷ আজিৰে পৰা ৫ ডিচেম্বৰলৈকে চলিবলগীয়া ‘হৰ ঘৰ দস্তক’ৰ কার্যসূচী সফল কৰাৰ উদ্দেশ্যে প্রশাসনৰ সকলো বিষয়ববীয়া তথা চক্র বিষয়াসকল এতিয়া নিয়োজিত হৈছে ‘হৰ ঘৰ দস্তক’ অভিযান কার্যকৰী কৰাত৷

You might also like