নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটত জব্দ ৯৫ লাখ টকাৰ বিদেশী চিগাৰেট

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ  নিষিদ্ধ ড্রাগছৰ পিছত এইবাৰ বিদেশী চিগাৰেটৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰিছে সীমা শুল্ক বিভাগে৷ শনিবাৰে মহানগৰীৰ যোৰাবাটত সীমা শুল্ক বিভাগে অতর্কিতে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চিগাৰেট৷ সীমা শুল্ক বিভাগৰ অভিযানত জব্দ ৯৫ লাখ টকাৰ বিদেশী চিগাৰেট৷ চীন আৰু দক্ষিণ কোৰিয়াৰ পৰা গুৱাহাটীলৈ অনা হৈছিল এই বৃহৎ পৰিমাণৰ চিগাৰেটখিনি৷ যোৰাবাটৰ পৰা এখন ডি আই ভেনেৰে আনি থকা অৱস্থাত জব্দ কৰা হয় এই বিদেশী চিগাৰেটখিনি৷ ঘটনা সন্দর্ভত এজনক গ্রেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে সীমা শুল্ক বিভাগে৷ উল্লেখ্য যে গুৱাহাটীৰ মাজেৰে পূর্বেও লাখ লাখ টকাৰ বিদেশী চিগাৰেট অসাধু চক্রই সৰবৰাহ কৰি আহিছে৷ বিশেষকৈ ৰে’লযোগে অসাধু ব্যৱসায়ীয়ে বিদেশী চিগাৰেট সৰবৰাহ কৰি আহিছে যদিও ৰে’ল আৰক্ষীয়ে এই ক্ষেত্রত বিহীত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

You might also like