নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ ঘৰে ঘৰে ক’ভিড টিকাকৰণ অভিযান

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘হৰ ঘৰ দস্তক’ কার্যসূচীৰ জৰিয়তে মহানগৰীৰ প্রতিজন ব্যক্তিক ক’ৰোনাৰ প্রতিষেধক প্রদান কৰিবলৈ কামৰূপ মহানগৰ জিলা প্রশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ এই কার্যসূচীৰ জৰিয়তে স্বাস্থ্য বিভাগৰ সহযোগত জিলা প্রশাসনে মহানগৰীৰ ঘৰে ঘৰে গৈ ভেকচিন নোলোৱা লোকসকলক ক’ভিড ভেকচিন প্রদান কৰি আছে৷ আজিৰে পৰা আৰম্ভ হোৱা ‘হৰ ঘৰ দস্তক’ কার্যসূচীৰ জৰিয়তে অহা ১০ ডিচেম্বৰৰ ভিতৰত মহানগৰীত ১০০ শতাংশ ভেকচিন প্রদান প্রক্রিয়া সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে জিলা প্রশাসনে৷ আজি জিলা উপায়ুক্তৰ কার্যালয়ৰ প্রেক্ষাগৃহত উপায়ুক্ত পল্লৱগোপাল ঝাই এক সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰে৷ উপায়ুক্তগৰাকীয়ে লগতে কয় যে কামৰূপ মহানগৰ জিলাত ইতিমধ্যে ২২ লাখ ৮৩ হাজাৰ ৪৪৫ ড’জ ভেকচিন প্রদান কৰা হৈছে৷

ইয়াৰে ১২ লাখ ৭৩ হাজাৰ ৯৩ জনক প্রথম পালি ভেকচিন প্রদান কৰাৰ লগতে ১০ লাখ ১০ হাজাৰ ৩৫২জনক দ্বিতীয়পালি ভেকচিন প্রদান কৰা হৈছে৷ গুৱাহাটী মহানগৰীক মুঠ ৫টা জ’নত বিভক্ত কৰি ঘৰে ঘৰে ভেকচিন প্রদান কৰা কার্যসূচী সফল কৰি তুলিবলৈ কেইবাগৰাকী বিষয়াক তত্ত্বাৱধানৰ বাবে দায়িত্ব অর্পণ কৰা হৈছে৷ মহানগৰীত ১১৮ শতাংশ প্রথমপালি ভেকচিন ইতিমধ্যে প্রদান কৰাৰ লগতে ৯৩ শতাংশ দ্বিতীয়পালি ভেকচিন সম্পন্ন হৈছে বুলি উপায়ুক্তগৰাকীয়ে সংবাদ মেলত সদৰী কৰে৷ তদুপৰি ক’ভিডৰ তৃতীয় ঢ়ৌৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি বিমানবন্দৰ, ৰে’লষ্টেচন আৰু অন্যান্য জনসমাগম সম্ভাৱনাপূর্ণ এলেকাতো চাৰকাৰী এছ অ’ পি অনুসৰি ক’ভিড পৰীক্ষা পূর্ণোদ্যমে চলি থকা বুলি উপায়ুক্তগৰাকীয়ে সদৰী কৰে৷ এইক্ষেত্রত কামৰূপ মহানগৰবাসীৰ সহযোগিতা কামনা কৰি কোনো অঞ্চলত ভেকচিন প্রদানৰ সংখ্যা সীমিত হ’লে স্থানীয় স্বাস্থ্য কেন্দ্রক যোগাযোগ কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনাইছে৷

You might also like