নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাৰ নামদাঙত খুলশালীক বলৎকাৰ ভিনিয়েকৰঃ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লম্পট ভিনিয়েকক

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰীত সংঘটিত হৈছে এক বলৎকাৰৰ ঘটনা। নামদাং কলিয়ৰী সমীপত সংঘটিত হোৱা এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ। প্ৰাপ্ত খবৰ অনুসৰি দিপক থাপা নামৰ ব্যক্তিজনে নিজ পত্নী নথকাৰ সুযোগ গ্ৰহণ কৰি নিজৰে খুলশালীক বলৎকাৰ কৰে। সমগ্ৰ ঘটনা স্থানীয় মহিলা আৰু গাঁওৰক্ষী বাহিনীৰ লোকক ভুক্তভোগী যুৱতীগৰাকীয়ে অৱগত কৰাত বিষয়টো ৰাষ্ট্ৰ হৈ পৰে।

স্থানীয় গাঁৱৰক্ষী বাহিনীৰ খবৰ ভিত্তত মাৰ্ঘেৰিটা আৰক্ষীয়ে লম্পট দিপক থাপাক গ্ৰেপ্তাৰ কৰি আৰক্ষী থানালৈ লৈ আনে। ইতিমধ্যেই মাৰ্ঘেৰিটা আৰক্ষী থানা গোচৰ নং ২৯০ / ২০২১ ত গোচৰ পঞ্জীয়ন কৰি লম্পট দিপক থাপাক আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। ভিনিয়েকৰ কামনাৰ বলি খুলশালী হ’বলগা হোৱা ঘটনাই অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰাইছে। উল্লেখ যে দীৰ্ঘদিন ধৰি খুলশালীগৰাকীক লম্পটে অহৎ কামনা চৰিতাৰ্থ পুৰনৰ চেষ্টা কৰি আহিছিল। যুৱতীগৰাকীক আৰক্ষীৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

প্ৰেৰকঃ মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like