পৌৰ নির্বাচনত বিজেপিয়ে মিত্রতা নকৰে কোনো দলৰে
নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ অহা বছৰ ফেব্রুৱাৰী মাহত হ’বলগীয়া পৌৰ নির্বাচনত বিজেপিয়ে কোনো দলৰ সৈতে ৰাজ্যিক পর্যায়ত মিত্রতা নকৰে৷ –এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনত বুধবাৰে সংবাদ মাধ্যমৰ আগত সভাপতি কলিতাই কয় যে জিলা পর্যায়ত বা পৌৰসভা পর্যায়ত কোনোবাই মিত্রতা কৰিলে কৰিব পাৰে৷ কিন্তু ৰাজ্যিক পর্যায়ত কোনো মিত্রতা নাথাকে৷ আসন্ন পৌৰ নির্বাচনক লৈ বিজেপিৰ তৎপৰতা আৰম্ভ হোৱাৰ বিষয়ে জানিবলৈ দি সভাপতি কলিতাই কয় যে অহা ১১ ডিচেম্বৰত দলীয় বৈঠক এখন অনুষ্ঠিত হ’ব৷ ইয়াৰ পাছত অহা জানুৱাৰী মাহত পৌৰ নির্বাচনৰ প্রার্থী তালিকা প্রকাশ পাব৷
ইপিনে, উপ–নির্বাচনৰ প্রসংগত সভাপতি কলিতাই কয় যে মাজুলীৰ উপ–নির্বাচন হ’বই৷ পাছত দুই–এটা সমষ্টিত উপ–নির্বাচন হ’ব৷ তেওঁ আৰু কয় যে দুধনৈ বা তিতাবৰেই হওক বহু বিধায়কে বর্তমান তেওঁলোকৰ লগত যোগাযোগ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বর্তমান যিদৰে চৰকাৰ চলাই আছে, কাম কৰিছে, তাৰ বাবে বিৰোধী বিধায়ক বিজেপিৰ প্রতি আকৃষ্ট হৈছে৷ মাইক্র’ ফাইনেঞ্চৰ ধন ৰেহাই, ১ লাখ নিবনুৱাক চাকৰি, মিছন বসুন্ধৰাকে ধৰি চৰকাৰখনৰ সংস্কাৰমুখী যাত্রা দেখি বিৰোধী বিধায়কেও এই সংগ্রামৰ সহযোগী হ’ব বিচাৰিছে বুলি সভাপতি কলিতাই মন্তব্য কৰে৷