ঘোচ লওঁতে তেজপুৰত আৰক্ষী কনিষ্টবল গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰ – তেজপুৰত এইবাৰ উৎকোচ লৈ আৰক্ষী জালত পৰিল আৰক্ষী। তেজপুৰ সদৰ থানাৰ অধীনৰ বৰঘাট আৰক্ষী চকীত কৰ্মৰত দেৱব্ৰত বিশ্বাস নামৰ কনিষ্টবল জনক বুধবাৰে শোণিতপুৰ আৰক্ষীৰ বিশেষ দলে উৎকোচ লোৱা হাতেলোটে ধৰা পেলাবলৈ সক্ষম হয়। কনিষ্টবল বিশ্বাসৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অভিযুক্তক আইনী সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰি উৎকোচ লোৱাৰ উত্থাপিত অভিযোগ ভিত্তিত শোণিতপুৰ আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনৱাতৰ নিৰ্দেশত চলা অভিযানত বুধবাৰে সন্ধিয়া প্ৰায় ছয় বজাত তেজপুৰ বৰঘাট আৰক্ষী চকীৰ কৰ্তব্যৰত আৰক্ষী কনিষ্টবল দেবব্ৰত বিশ্বাসক অবৈধ ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷
আৰক্ষী অধীক্ষক ঘনৱাতে জনায় যে এজন অভিযোগকাৰীৰ পৰা তেওঁ গোচৰৰ বাবদ নগদ তিনি হেজাৰ টকা লওঁতে অৰ্থাৎ কেমিকেল লগাই বিশেষ ভাৱে চিহ্নিত কৰা টকা লোৱাৰ পাছত বিশেষ দলে হাতে লোটে ধৰা পেলাবলৈ সক্ষম হয় আৰু বৰঘাট আৰক্ষী চকীতে বিশ্বাসক আটক কৰে ।তেওঁ জনায় যে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দলে এই বিষয়ে সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে আৰক্ষী যে পূৰ্বেও এইগৰাকী আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ উত্থাপিত হৈ আছিল ।আনহাতে কনিষ্টবল বিশ্বাসৰ পৰা নগদ দহ হেজাৰ ছয়শ ত্ৰিশ টকা উদ্ধাৰ কৰাৰ উপৰি ১৪টুকুৰা নকল সোণ উদ্ধাৰ কৰে তদন্তকাৰী ৷ইপিনে ইয়াৰ পাছতে অভিযুক্ত বিশ্বাসৰ খনামুখৰ বাসগৃহতো তালাচী চলাইছে আৰক্ষীয়ে৷