লখিমপুৰৰ তেলাহীবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱ হোৱাৰ পথতঃ ৰঙানদীৰ খাৰকাটিৰ ঘাটত নিৰ্মান আৰম্ভ হ’ল পকী দলঙ
৩৫ কোটি টকীয়া দলঙখনৰ ৬টা খুটা সম্পূৰ্ণ হোৱাৰ দিশে
নিয়মীয়া বাৰ্তা ,২ ডিচেম্বৰ :- প্ৰাকৃতিক প্ৰতিকূলতা,পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দীৰ্ঘদিনীয়া প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বাবেই স্বাধীনতা ৭৫টা বছৰ অতিক্ৰম কৰাৰ পাছতো বৃহত্তৰ পশ্চিম তেলাহীৰ ৮৫ খন গাঁৱৰ ৰাইজে ৰঙানদীৰ খাৰকাটিৰ ফটাসুঁতিৰ ওপৰত বাৰিষা আৰু খৰালি সময়ত টুলুঙা নাওঁৰে যাতায়ত কৰিবলগীয়া হৈছিল। বৃহত্তৰ অঞ্চলটোৰ ৰাইজ তথা দল সংগঠনে দীৰ্ঘদিনে বহু আবেদন নিবেদন কৰিছিল যদিও পূৰ্বৰ কোনো এখন চৰকাৰে অঞ্চলবাসীৰ আবেদনৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। সম্প্ৰতি বৃহত্তৰ পশ্চিম তেলাহীবাসীৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱ হোৱাৰ পথত। অঞ্চলবাসীলৈ সুখৱৰ কঢ়িয়াই আনি বহুদিনীয়া সপোনক বাস্তৱত ৰূপ দি ইতিমধ্যে ৰঙানদীৰ খাৰকাটি ফটাসুঁতি দ্বিতীয় খন পকী দলং নিৰ্মাণ কাম আৰম্ভ হোৱাত স্বাভাৱিকতেই অঞ্চলবাসীৰ মাজত আনন্দৰ বন্যা নামি আহিছে।
উল্লেখযোগ্য যে বিগত ৯ফেব্ৰুৱাৰী তেতিয়াৰ বিত্ত মন্ত্ৰী তথা এতিয়াৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ৰঙানদীৰ খাৰকাটি ঘাটত ৩৭৫ মিটাৰ দৈঘ্যৰ দলং খনৰ ভূমি পূজনৰ লগতে আধাৰশিলা কাম স্থাপনক কৰাৰ পিছৰে পৰা দলংখন নিৰ্মান কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা ঠিকাদাৰী প্ৰতিষ্ঠান তৎপৰ হৈ পৰিছে। নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত লখিমপুৰ প্ৰতিষ্ঠিত ঠিকাদাৰী প্ৰতিষ্ঠান জে চি কনস্ট্রাকচনে ইতিমধ্যে দলংখনৰ দুটা খুটা নিৰ্মান সম্পূৰ্ণ কৰাৰ লগতে তৃতীয় খুটাৰ কাম আৰম্ভ কৰিছে। আনহাতে দলংখনৰ কাম আৰম্ভ হোৱাৰ লগে লগে অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে।
উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোৰ টিয়কীয়া, খাৰকাটি,আজাৰগুৰি, কঁঠালগুৰি,আহোমণি,শিঙৰা গাঁও, গড়ছিগা , বালিগাঁওকে ধৰি ৮৫ খন গাঁৱৰ ৰাইজে ৰঙানদীৰ খাৰকাটি ফটাসুঁতিত বাৰিষাৰ সময়ছোৱাত মৰণত শৰণ দি নাৱেৰে আৰু খৰালিৰ সময়ছোৱাত নিজা গাঁঠিৰ ধনেৰে বাঁহৰ দলং নিৰ্মান কৰি যাতায়ত কৰি আহিছিল। আনহাতে উক্ত ঠাইত পকী দলঙখন নিৰ্মান হ’লে বৃহত্তৰ অঞ্চলটোৰ লখিমপুৰ নগৰলৈ পোনপটীয়া যোগাযোগ হ’ব আৰু চিকিৎসা, শিক্ষা, অৰ্থনৈতিক আদিৰ দিশত নতুন দিগন্তৰ সূচনা হব। লগতে বান্দৰদেৱাত ভূমি স্খলন হলে ৰাষ্ট্ৰীয় ঘাই পথ বন্ধ হৈ গলে বিকল্প পথ হিচাপে ৰঙানদীৰ খাৰকাটি দলংখনে যাতায়ত কৰিব পাৰিব । ইফালে বৃহত্তৰ অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সপোনক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত চৰকাৰে লোৱা এই পদক্ষেপে নৈপৰীয়া ৰাইজক উৎফুল্লিত কৰি তুলিছে। লগতে নৈপৰীয়া ৰাইজে চৰকাৰৰ এই মহান পদক্ষেপৰ বাবে কৃতজ্ঞতা জনাইছে।