নগাঁৱৰ পাথৰি টাঙোনধৰা গাৱঁত উন্নত জাতৰ ধানৰ খেতি প্ৰদৰ্শন
নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত দেওধৰ গাঁও পঞ্চায়তৰ পাথৰি টাঙোনধৰা গাওঁত নগাঁও জিলা কৃষি বিভাগৰ এপাৰ্ট আৰু আত্মা আচনিৰ উদ্যোগত বিভিন্ন জাতৰ ধান খেতিৰ সমাহাৰ প্ৰদৰ্শন কৰা হয় ৷ দেওধৰ কৃষি সম্প্ৰসাৰন কেন্দ্ৰৰ সহযোগত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি এপাৰ্টৰ নডেল বিষয়া তথা নগাঁও জিলা আত্মাৰ উপ প্ৰকল্প সঞ্চালক ভদ্ৰ বৰাই উন্নতজাতৰ ধান খেতি কৰি কৃষক লাভবান হোৱাৰ কথা উল্লেখ কৰি কয় – অধিক উৎপাদনৰ বাৱে কৃষক সকলে উন্নতজাতৰ ধানৰ খেতি কৰিব লাগিব ৷
পাথৰি টোঙোনধৰা গাৱত দহ বিধ উন্নত জাতৰ শালি ধানৰ খেতি কৰা হৈছে ৷ এই ধানৰ খেতিৰ পৰা ইয়াৰ কৃষক সকল লাভবান হব ৷ দেওধৰ গাওঁ পঞ্চায়তৰ সভাপতি মৃদুল ফুকনৰ সভাপত্বিতত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় সমাজকৰ্মী তথা অগ্ৰনী কৃষক লীলা প্ৰসাদ কাকতিয়ে সমাহাৰত থকা ধানৰ জাত কেইটা প্ৰত্যক্ষ কৰি নিজৰ দৃষ্টি ভংগী প্ৰকাশ কৰে ৷ কাকতিয়ে কৃষক সকলে যাতে অধিক উৎপাদন কৰিব ,পাৰে তাৰ বাৱে কৃষি বিভাগক ব্যৱস্থা গ্ৰহনৰ আহ্বান জনায় ৷
প্রায় পয়ত্ৰিছ জন কৃষক উপস্থিত থকা অনুষ্ঠানটিত প্ৰতিজন কৃষকে ধানৰ প্ৰতিটো জাত প্ৰত্যক্ষ কৰি ৰঙা, হালধীয়া, নীলা আৰু সেউজীয়া ৰঙৰ কাগজৰ টুকুৰাৰে প্ৰতিটো জাতৰ ধানৰ মূল্যায়ন কৰে।
কিছুসংখ্যক কৃষকে সমাহাৰত কৰা নিৰ্দিষ্ট ধানৰ জাতৰ ফলাফল দেখি পৰৱৰ্তী সময়ত খেতি কৰাৰ বাবে ধানৰ বীজ ক্ৰয় কৰাৰ ইচ্ছা ব্যক্ত কৰে।
উক্ত অনুষ্ঠানত নগাঁও জিলা এপাৰ্ট আৰু আত্মা, পাখিমৰীয়া আৰু বাজিয়াগাওঁ ব্লকৰ সকলো কৰ্মী আৰু ধানৰ বীজ ব্যৱসায়ী গজেন বৰা আদি উপস্থিত থাকে।