নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱেব প’ৰ্টেলৰ দৌৰাত্ম্যঃ আৰক্ষীৰ জালত পৰিল এডিটৰ ইন ছীফ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ গোৰেশ্বৰৰ পৰা ছিপাঝাৰলৈ আহি যুৱতী অপহৰণৰ লগতে ধর্ষণ কৰি হত্যা কৰা বুলি বৃহস্পতিবাৰে এটা ৱেব প’র্টেলে ছচিয়েল মিডিয়াত ভুৱা বাতৰি প্রচাৰ কৰাৰ অপৰাধত দৰং আৰক্ষীৰ হাতত শুকুৰবাৰে কৰায়ত্ত হয় ৱেব প’র্টেলৰ সম্পাদক ৷ দৰং আৰক্ষীয়ে সদৰী কৰা মতে, ‘অসমীয়া ৩৬৫’ নামৰ প’র্টেলটোৰ সম্পাদক আজিজুৰ ৰহমান চৌধুৰীক ছয়গাঁৱৰ গৰৈমাৰীৰ পৰা কৰায়ত্ত কৰা হয় ৷ ‘অসমীয়া ৩৬৫’ নামৰ এটা ৱেব পেজৰ যোগেদি ছিপাঝাৰ থানা এলেকাত এগৰাকী হিন্দু যুৱতীক ধর্ষণ কৰি হত্যা কৰাৰ মিছা বাতৰি প্রকাশ কৰিছিল ৷ এই লৈ নিশাই দৰং আৰক্ষীয়ে স্পষ্টীকৰণ দিয়ে আৰু এটা গোচৰ ৰুজু কৰি ছয়গাঁও থানাৰ গৰৈমাৰীৰ আজিজুৰ ৰহমান চৌধাৰীক গ্রেপ্তাৰ কৰে ৷ দৰং আৰক্ষী অধীক্ষকৰ নেতৃত্বত চাইবাৰ চেলৰ উপ–পৰিদর্শক কে কে লস্কৰৰ তৎপৰতাত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় আজিজুৰক ৷ সম্প্রতি ছিপাঝাৰ আৰক্ষীৰ জিম্মাত আছে ধৃত ভুৱা সাংবাদিক আজিজুৰ ৷

You might also like