ৰঙিয়াত নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ:-ভাৰতৰ নিৰ্মাণ শ্ৰমিক সন্থাৰ আহ্বান মৰ্মে আজি দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো প্ৰতিবাদ সাব্যস্ত কৰে । মূলতঃ নিৰ্মাণ শ্ৰমিক কল্যাণ আইনক সংহিতাত(কোড) পৰিণত কৰাৰ প্ৰতিবাদত সংগঠনটোৰ শতাধিক কৰ্মীয়ে ধৰ্মঘট পালন কৰে । অসমৰ নিৰ্মাণ শ্ৰমিকসকলৰ আনুষংগিক আন কেইটামান দাবীৰ ভিত্তিত দুদিনীয়া এই ধৰ্মঘটত অংশগ্ৰহণ কৰে । কামৰূপ জিলাৰ গোৰেশ্বৰ , ৰঙিয়া আৰু পশ্চিম বড়িগোগ আঞ্চলিক সমিতিৰ সদস্য সকলৰ অংশগ্ৰহণেৰে বিক্ষোভ প্ৰদৰ্শন কৰে । শ্ৰমিক সকলে প্ৰথমতে ৰঙিয়া শ্ৰমিক ভৱন প্ৰাংগণত সমবেত হয় । তাত জিলা সভাপতি হৰিপদ তালুকদাৰৰ সভাপতিত্বত হোৱা সভাত জিলা সম্পাদক খগেন ডেকা, কোষাধক্ষ প্ৰবীণ দাস আৰু চিটুৰ জিলা সভাপতি বিবেকানন্দ অধিকাৰীয়ে আন্দোলনৰ দাবীৰ গুৰুত্ব বাখ্যা কৰি বক্তব্য আগবঢ়ায় । ইয়াৰ পাছত বেনাৰ, প্লেকাৰ্ড সহ নগৰখনৰ মাজ মজিয়াৰে শোভাযাত্ৰা উলিয়ায়।