নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ :আটক 

নিয়মীয়া বার্তা,৩ ডিচেম্বৰ: ৰাজ্যজুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও ৰাজ্যত এতিয়াও ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে৷ আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান চলালেও ড্ৰাগছ সৰবৰাহকাৰী সকলে সলনি কৰিছে ড্ৰাগছ সৰবৰাহৰ কৌশল৷ এইবাৰ টাটা মবাইলত এক বিশেষ কৌশল অৱলম্বন কৰি আৰক্ষীৰ জালত পৰে এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ লগতে আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমানৰ ড্ৰাগছ ৷ প্ৰাপ্ত বাতৰি অনুসৰি, আজি পুৱাৰ ভাগত ডিমাপুৰৰ পৰা AS 01JC 1860 নম্বৰৰ টাটা মোবাইলেৰে ড্ৰাগছ সৰবৰাহ কৰি থকাৰ সময়ত হোজাইৰ নীলবাগান ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে 33 পেকেট ড্ৰাগছ ৷ চতুৰ চালকজনে টাটা মোবাইলখনৰ বডিৰ ভিতৰত এক বিশেষ কৌশল অৱলম্বন কৰি ডিমাপুৰৰ পৰা লৈ আহিছিল এই ড্ৰাগছখিনি৷ গাড়ীৰ ভিতৰত ড্ৰাগছ সোমাই বডি টিনেৰে জ্বালাই দি ড্ৰাগছ লৈ আহিছিল সৰবৰাহকাৰীয়ে৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই এক গোপন সুত্ৰৰ ভিত্তিত অভিযান আৰম্ভ কৰে আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰা আৰু ডি এছ পি ৰৌজি তালুকদাৰৰ লগতে আৰক্ষীৰ বৃহৎ দলে অভিযান চলাই জব্দ কৰে টাটা মোবাইলখন৷ লগতে এই সংক্ৰান্তত টাটা মোবাইলৰ চালকজনক আটক কৰিছে আৰক্ষীয়ে৷ আৰক্ষীৰ তদন্তৰ পিছত এই ড্ৰাগছ সৰবৰাহত জড়িত আন দুই – তিনিজন লোক আটক হোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষী অধীক্ষকে মন্তব্য কৰে ৷ উল্লেখ্য যে, এটা পেকেট ড্ৰাগছৰ মূল্য অনুমানিক ৭০ হাজাৰ টকা হব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ উদ্ধাৰ হোৱা ড্ৰাগখিনিৰ মুঠ মূল্য অনুমানিক ২৩ লাখ টকাত কৈ অধিক হব৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

You might also like