নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এৰাবাৰীত পৰিণত হৈছে কটনৰ ঐতিহ্যক্ষেত্রঃ হাবি–জংঘলেৰে ধ্বংসৰ গৰাহত অধ্যক্ষৰ বাসভৱন–ফার্ষ্টমেচ

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: শতবর্ষ গৰকা কটনৰ ঐতিহ্যক্ষেত্র অধ্যক্ষৰ বাসভৱন আৰু ফার্ষ্ট মেচ এতিয়া যেন এৰাবাৰী৷ ৰাজ্য চৰকাৰ আৰু কটন বিশ্ববিদ্যালয় কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাত এতিয়া হাবি–জংঘলে ভৰি পৰিছে কটনৰ ঐতিহ্যক্ষেত্র অধ্যক্ষৰ বাসভৱন আৰু ফার্ষ্ট মেচ৷ কটনৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী ১৮৮৩–৮৪ চনতে নির্মাণ কৰা অধ্যক্ষৰ বাসভৱনটো বিশ্ববিদ্যালয় কর্তৃপক্ষৰ হেমাহিত জহি–খহি গৈছে৷ অসমৰ জলবায়ু আৰু পৰিৱেশৰ লগত খাপ খুৱাই ব্রিটিছৰ শাসনকালত নির্মাণ কৰা কটনৰ অধ্যক্ষৰ বাসভৱনটোৱে বিশেষ সৌন্দর্য বহন কৰি আহিছিল৷ কিন্তু চৰকাৰ আৰু কটন বিশ্ববিদ্যালয় কর্তৃপক্ষই ৰক্ষণাবেক্ষণৰ সঠিক ব্যৱস্থা নকৰাত বাসভৱনটো এতিয়া জৰাজীর্ণ হৈ পৰিছে৷ কটনৰ ঐতিহ্যক্ষেত্র অধ্যক্ষৰ বাসভৱনটোৰ চাৰিও কাষে এতিয়া গছ–গছনি, হাবি–জংঘলে আৱৰি থকাৰ লগতে বাংলোটোৰ দুৱাৰ–খিৰিকী, বেৰসমূহ ভাগি গৈছে৷ ঐতিহ্যক্ষেত্র হিচাপে ঘোষণা কৰাৰ পাছতো ১৩৮ বছৰ গৰকা বাংলোটো মেৰামতি কৰাৰ বাবে কোনো ব্যৱস্থা গ্রহণ নকৰিলে বিশ্ববিদ্যালয় কর্তৃপক্ষই৷

এই বাংলোটোতে ১৯০১ চনৰ পৰা ১৯২৬ চনলৈকে আছিল কটনৰ প্রথমজন অধ্যক্ষ ফ্রেডৰিক ইউলিয়াম ছুডমার্চন৷ তেওঁৰ পাছত ডি থমছন, এ ই ব্রাউন, ডি ই ৰবার্ডছ, বি চি সেনগুপ্তা, আৰ আৰ থমাছ, সূর্য কুমাৰ ভূঞা, ইউ কে গোস্বামী, এছ এন চক্রৱর্তী, ইউ কে দত্ত, এইচ কে বৰপূজাৰী, পি চি গোস্বামী, আব্দুল জলিল, কে ডি ক্রোৰী, এ কে গোস্বামী, বি চি চৌধুৰী, উদয়াদিত্য ভৰালীকে ধৰি বহুকেইগৰাকী অধ্যক্ষই এই বাংলোটো ব্যৱহাৰ কৰিছিল৷ ২০০৭ চনৰ ৯ জানুৱাৰীত কটনৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্রহণ কৰা ইন্দ্র কুমাৰ ভট্টাচার্যই শেষৰবাৰৰ বাবে ২০১১ চনলৈকে বাংলোটো ব্যৱহাৰ কৰিছিল৷

২০১১ চনৰ পৰা কটনৰ অধ্যক্ষৰ বাসভৱনটো কোনো এগৰাকী অধ্যক্ষই ব্যৱহাৰ কৰা নাই৷ অৱশ্যে বাসভৱনটো চোৱা–চিতাৰ বাবে দুগৰাকী কর্মচাৰী নিয়োজিত আছিল৷ কিন্তু কটনৰ কর্তৃপক্ষই কর্মচাৰী দুগৰাকীক অন্য কামত নিয়োজিত কৰাত বিগত প্রায় সাত বছৰ ধৰি বাংলোটো এলাগী হৈ পৰি ৰৈছে৷ লক্ষণীয় যে শতবর্ষ গৰকা শিক্ষানুষ্ঠানসমূহৰ বাসভৱনসমূহ পুনৰ মেৰামতিৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে পুঁজি আবণ্টন দিছিল৷ বিশ্ববিদ্যালয় অনুদান আয়োগে কটনৰ ঐতিহ্যক্ষেত্র অধ্যক্ষৰ বাসভৱন, ফাষ্টমেচ তথা কৃষ্ণকান্ত সন্দিকৈ ছাত্রাৱাস আৰু ৰসায়ন বিভাগৰ ভৱনটো পুনৰ মেৰামতিৰ বাবে ৪.৩৫ কোটি টকা আবণ্টন দিছিল৷ প্রথম পর্যায়ত অনুদান আয়োগে কটনক ২ কোটি টকা আবণ্টন দিয়া বুলি কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কগৰাকীয়ে জানিবলৈ দিছে৷

এই পুঁজিৰে কটনৰ ঐতিহ্যক্ষেত্র ৰসায়ন বিজ্ঞান বিভাগৰ গৃহটো মেৰামতি কৰা হয়৷ ২০১৭ চনত ৰাজ্য চৰকাৰে কটন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাত কটনৰ ঐতিহ্যক্ষেত্র মেৰামতিৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে আবণ্টন দিয়া পুঁজি বন্ধ কৰি দিয়ে বুলি পঞ্জীয়কগৰাকীয়ে জানিবলৈ দিছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগে কটনৰ ঐতিহ্যক্ষেত্র মেৰামতিৰ বাবে আবণ্টিত ধন বন্ধ কৰি দিয়াৰ অজুহাত দেখুৱাই অধ্যক্ষৰ বাসভৱন আৰু ফার্ষ্ট মেচ সংৰক্ষণৰ বাবে নিজাববীয়াকৈ বিশ্ববিদ্যালয় কর্তৃপক্ষই ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ যাৰ ফলত কটনৰ ঐতিহ্যক্ষেত্র অধ্যক্ষৰ বাসভৱন আৰু ফার্ষ্ট মেচ এতিয়া ইতিহাসৰ পাতৰ পৰা হেৰাই যোৱাৰ উপক্রম ঘটিছে৷ কটনৰ ঐতিহ্যক্ষেত্র অধ্যক্ষৰ বাসভৱন আৰু ফার্ষ্ট মেচ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ নকৰিলে হেৰাই যাব শতবর্ষ অতিক্রম কৰা অসমৰ মন–মগজু আলোড়িত কৰি ৰখা এক যুগমীয়া স্মৃতি৷

You might also like