নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়ত–পৌৰ নিকায়ত মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব ৫০% আসন

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: অসমৰ ৰাজনৈতিক পৃষ্ঠভূমিত এতিয়া বিজেপি সূর্য আৰু বিজেপিৰ চাৰিওফালে ঘূৰি আছে সৌৰজগত৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ তেজপুৰত দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত দলৰ ৰাজ্যিক মহিলা মর্চাৰ কার্যনির্বাহক সভাত উপস্থিত হৈ দেওবাৰে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিজেপিয়ে এতিয়া কি কৰিছে, সেয়া সর্বত্র চর্চিত বিষয়৷ এটা সময়ত কংগ্রেছে কি কৰিছিল, সেয়া চর্চিত বিষয় আছিল৷ ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, প্রিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীৰ বিষয়ে চর্চা হৈছিল৷ এতিয়া নৰেন্দ্র মোদী, অমিত শ্বাহ আৰু জে পি নাড্ডাৰ চর্চা হয়৷ এশ বছৰীয়া কংগ্রেছ দলৰ স্থান বিজেপিয়ে ৬–৭ বছৰৰ ভিতৰতে ল’লে৷ এতিয়া পৰিৱর্তনৰ স্বার্থত বিজেপিক সকলোৱে বিচাৰে৷ ৰাজনীতি কৰিলে ‘মই’ৰ পৰা লাহে লাহে ‘আমি’লৈ যাব লাগে আৰু কংগ্রেছ দলত ‘মই’ৰ যিটো সংস্কৃতি আছিল, সেইটো যাতে বিজেপিত নোসোমায় তাৰ বাবে সকলোৱে সচেতন হ’ব লাগিব৷ বিজেপি চৰকাৰৰ দিনত ৰাজ্যখন উন্নয়নৰ দিশত প্রতিটো খোজত দোপতদোপে আগুৱাই যোৱাৰ কথা উল্লেখ কৰি মহিলা সমাজক আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ মহিলা মর্চাৰ কার্যকর্তা হৈ কাম কৰোঁতে নিজৰ স্বামীতকৈ লগৰ কার্যকর্তাৰহে গুৰুত্ব অধিক বুলি উল্লেখ কৰি কয় যে তেনে মনোভাবেৰে দলটোক সকলোৱে আগুৱাই নিব লাগিব৷

ৰাজ্যিক বিজেপিৰ মহিলা মর্চাৰ সভানেত্রী আঙুৰলতা ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰৰ চিন্তা–চেতনাৰ কেন্দ্রবিন্দু হ’ল নাৰী শক্তি৷ এইখন চৰকাৰে ৭৫ শতাংশ আঁচনিয়ে মহিলাসকলৰ হিতৰ বাবে ৰূপায়ণ কৰিছে৷ ড্রাগ্ছকে ধৰি অপৰাধীৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱা বাবে আটাইতকৈ লাভান্বিত হৈছে নাৰী সমাজ৷ মাইক্র’ ফাইনেঞ্চৰ ক্ষেত্রত নির্বাচনী প্রতিশ্রুতি অনুসৰি ২৪ লাখ মহিলাক উপকৃত কৰিবলৈ সক্ষম হোৱাৰ কথাও উল্লেখ কৰে৷ আগন্তুক পৌৰ নিকায় আৰু পঞ্চায়ত নির্বাচনত মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষিত থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সংৰক্ষণৰ কাল বর্তমানৰ ৫ বছৰৰ পৰিৱর্তে ১০ বছৰলৈ বৃদ্ধিৰ চিন্তা–চর্চা কৰা হৈছে৷

সেইদৰে অহা বিধানসভা নির্বাচনত ২৫গৰাকী বিধায়িকা তেওঁ নির্বাচিত হোৱাটো বিচাৰে বুলিও ভাষণত উল্লেখ কৰে৷ আনহাতে, সংবাদ মাধ্যমৰ আগত নদীবান্ধৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ প্রথমৰে পৰাই সোৱণশিৰি নদীবান্ধক সমর্থন কৰি আহিছে৷ কংগ্রেছত থাকোঁতে এই বিষয়ে বিধানসভাত দুই–তিনি ঘণ্টাৰ ভাষণ দি কিয় জলবিদ্যুৎ লাগে, সেই বিষয়ে উল্লেখ কৰাৰ লগতে ইয়াৰ ওপৰত প্রবন্ধও লিখিছে৷ সেইদৰে জীয়াভৰলী নৈৰ বান ৰোধৰ বাবে নৈখন খননৰ বাবে ড্রেজাৰ অনাৰ কথা উল্লেখ কৰি কয় যে এই পৰীক্ষামূলক প্রচেষ্টাত সুফল পালে জীয়াধল, আইনদী আৰু কুণ্ডিল নৈতো খনন চলোৱা হ’ব৷ এই সভাত মন্ত্রী অজন্তা নেওগ, অশোক সিংহল, বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক, সাংসদ দিলীপ কুমাৰ শইকীয়া, কুইন ওজা, পল্লৱলোচন দাস, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব বিধায়ক জয়ন্ত মল্ল বৰুৱা, সুমন হৰিপ্রিয়া, গণেশ লিম্বু, কমলকৃষ্ণ তাঁতী, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথ শর্মা, বিজেপিৰ ৰাষ্ট্রীয় মহিলা মর্চাৰ সাধাৰণ সম্পাদিকা তথা সাংসদ ইন্দুবালা গোস্বামী আদিও উপস্থিত থাকে৷ ইফালে আজি পুৱাৰ ভাগত দলীয় পতাকা উত্তোলন কৰি বিজেপিৰ ৰাষ্ট্রীয় মহিলা মর্চাৰ সাধাৰণ সম্পাদিকা সাংসদ ইন্দুবালা গোস্বামীয়ে কয় যে বিজেপিৰ মহিলাসকল ৰাজনৈতিকভাৱে সক্ষম আৰু দক্ষ৷ দেশৰ পূর্বৰ প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীয়ে প্রথমবাৰলৈ মহিলাৰ বাবে ৩৩ শতাংশ আসন স্থানীয় নিকায়সমূহত সংৰক্ষণ কৰাৰ পাছত দ্বিতীয়বাৰ বিজেপি কেন্দ্রত ক্ষমতালৈ অহাৰ পাছত ৫০ শতাংশ আসন স্থানীয় নিকায়সমূহত মহিলাৰ বাবে সংৰক্ষণ কৰে৷ পোষণ অভিযান সম্পর্কত তেওঁ কয় যে দেশৰ ৬০ শতাংশ মহিলাৰ শৰীৰত লৌহ পদার্থৰ মাত্রা কম আৰু দুর্বল৷ সেয়ে পোষণ অভিযান সন্দর্ভত মহিলা মর্চাই সজাগতা অনাৰ বাবে কাম কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে৷

You might also like