আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসত নগাঁও আইন মহাবিদ্যালয়ৰ মটৰচাইকেল ৰেলী
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি আজি নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত এক সজাগতামূলক মটৰচাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত বাইক ৰেলীৰ মুকলি কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । মটৰচাইকেল ৰেলী কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ প্ৰাৰম্ভতে আইন মহাবিদ্যালয় চৌহদত এক শ্বহীদ তৰ্পন কাৰ্যসূচী অনুষ্ঠিত হয়।অনুষ্ঠানৰ অন্তত আৰক্ষী অধীক্ষক গৰাকীয়ে নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলৰ লগত এক অন্তৰংগ আলাপত মিলিত হয়। আৰক্ষী অধীক্ষক গৰাকীয়ে নৱপ্ৰজন্মক কেৱল নিষ্ঠা, একাগ্ৰতাৰে অধ্যয়নত ব্ৰতী হৈ সমাজৰ বাবে সেৱা আগবঢ়াবলৈ সকলোকে আহ্বান জনায়। আইন মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ওচৰত পায় উৎফুল্লিত হৈ পৰে।