ভূমি বেদখলত জড়িত শিৱসাগৰৰ বিধায়ক, মজুত আছে তথ্য–প্রমাণ
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰণ ঘটাইছে মন্ত্রী পীয়ূষ হাজৰিকাই৷ শনিবাৰে এক টুইটত মন্ত্রী হাজৰিকাই দাবী কৰা মতে, শিৱসাগৰৰ বিধায়ক গগৈ ব্যাপক হাৰত ভূমি বেদখলত জড়িত৷ এই সন্দর্ভত বিধায়ক গগৈৰ বিৰুদ্ধে পর্যাপ্ত তথ্য–প্রমাণ থকা বুলিও টুইটত মন্তব্য কৰিছে মন্ত্রী হাজৰিকাই৷
উল্লেখ্য যে বিগত সময়ছোৱাত বর্তমানৰ শিৱসাগৰৰ বিধায়ক গগৈয়ে ভূমি বেদখল কৰাক লৈ চর্চা হৈ আহিছে৷ বিশেষকৈ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত স্থাপিত অর্কিড উদ্যানৰ নামত বে–আইনীভাৱে ভূমি বেদখল কৰা বুলি বিভিন্ন মহলত উত্থাপন হৈছে অভিযোগ৷ মন্ত্রী হাজৰিকাই নিজ টুইট সন্দর্ভত সদৰী কৰা অনুসৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত স্থাপন কৰা অর্কিড উদ্যানৰ নামত মহকুমা ভূমি উপদেষ্টা সমিতিয়ে ২২ বিঘা মাটি আবণ্টন দিছিল৷ কিন্তু এই আবণ্টনৰ গইনালৈয়ে অতিৰিক্তভাৱে প্রায় ৫ বিঘা মাটি নিজৰ দখলত লয় কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ অর্থাৎ কৃষক মুক্তি সংগ্রাম সমিতিয়ে সম্প্রতি অর্কিড উদ্যানখনৰ নামত মুঠ ২৭ বিঘা মাটি বেদখল কৰি আছে৷ ভূমি উপদেষ্টা সমিতিয়ে অনুমোদনত আবণ্টন দিলেও সমগ্র বিষয়টোৱে বেআইনী বুলি মন্তব্য কৰে মন্ত্রী হাজৰিকাই৷
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল প্রতিবিঘা মাটিৰ বিপৰীতে ১,০৫,৩০০ টকা প্রিমিয়াম আদায় দিব লাগিছিল৷ কিন্তু বিধায়ক গগৈৰ পৃষ্ঠপোষকতা থকা সংগঠনটোৱে আজিলৈকে এই প্রিমিয়ামৰ এটকাও আদায় নিদিলে বুলি মন্তব্য কৰে মন্ত্রী হাজৰিকাই৷ মন্ত্রী হাজৰিকাৰ মতে, ইয়াৰ জৰিয়তে বিধায়ক গগৈয়ে অসমৰ ভূমি আইন স্পষ্টভাৱে উলংঘা কৰিছে৷