প্রথমবর্গৰ পৰা চতুর্থবর্গ প্রতিটো পদৰ নূন্যতম শিক্ষাগত অর্হতা ভিত্তিত হ’ব কমন পৰীক্ষা
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ নির্বাচনী প্রতিশ্রুতি আখৰে আখৰে পালন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে প্রথম বছৰটোৰ ভিতৰতে এক লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ পূর্ণ তৎপৰতা অব্যাহত ৰাখিছে৷ পূর্বৰ দৰে নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ সময়ত যাতে কোনোধৰণৰ খেলিমেলি অথবা প্রক্রিয়াটো অত্যন্ত দীঘলীয়া আৰু ত্রুটিপূর্ণ নহয়, তাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত অতি পৰিকল্পিতভাৱে স্বচ্ছ আৰু সুষম ব্যৱস্থাৰে সমগ্র বিষয়টো আগুৱাই নিয়াত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব আৰু বিভিন্ন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব, প্রধান সচিবসকলৰ সৈতে যোৱা মাহত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হোৱাৰ লগতে সমগ্র নিযুক্তি প্রক্রিয়াটো আগুৱাই নিয়াৰ ক্ষেত্রত এক ৰূপৰেখাও যুগুতায়৷
ৰাজ্য চৰকাৰৰ এক সূত্রই জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰে ইতিমধ্যে ১,১১,১৯১টা খালী পদ বিচাৰি পাইছে৷ ইয়াৰে ২১,১৬০টা শিক্ষা বিভাগৰ, ১৬,৯৬৬টা গৃহ বিভাগৰ, ৫,৭০৭টা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আৰু বিভিন্ন বিভাগৰ অধীনত ৩৯,৭৮২টা খালী পদ আছে৷ গ্রেড অনুসৰি খালী পদৰ সংখ্যা এনেধৰণৰ– ৩,৫৮৭টা গ্রেড ১ৰ, ১,০৯৬টা গ্রেড ২ৰ, ৫৬,৮৩২টা গ্রেড ৩ৰ, ১৯,০১৯টা গ্রেড ৪ৰ৷ গ্রেড ৩ৰ ৫,৭১২টা স্নাতক পর্যায়ৰ পদ আৰু গ্রেড ৪ৰ ৯,৫৮১টা অষ্টম শ্রেণীলৈ উন্নীত পর্যায়ৰ পদ৷ গ্রেড ১ আৰু গ্রেড ২ৰ পদসমূহ অসম লোকসেৱা আয়োগৰ জৰিয়তে পূৰণৰ ব্যৱস্থা কৰা হয়৷ কিন্তু লোকসেৱা আয়োগে সেই পদসমূহ পূৰণৰ ক্ষেত্রত প্রার্থী বাছনিৰ বেলিকা বিভাগে বিভাগে থকা সুকীয়া বিধিকে ধৰি কেতবোৰ আভ্যন্তৰীণ ব্যৱস্থাৰ বাবে বাছনি প্রক্রিয়া দীঘলীয়া হৈ পৰে বুলি স্বয়ং লোকসেৱা আয়োগৰ অধ্যক্ষই অৱগত কৰি চাকৰি সেৱাবিধিৰ কিছু সংশোধনীৰ প্রয়োজনীয়তাৰ বিষয়ে দোহাৰিছে বুলি সূত্রটোৱে অৱগত কৰে৷
সূত্রটোৱে জানিবলৈ দিয়া মতে, এক লাখ নিযুক্তিৰ বেলিকা এইবাৰ চৰকাৰে গ্রেড ১ৰ পৰা গ্রেড ৪লৈকে সকলো পদৰ ক্ষেত্রত নূন্যতম শিক্ষাগত অর্হতা অনুসৰি এটা কমন পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে৷ তদুপৰি শিক্ষা বিভাগ, গৃহ বিভাগ, স্বাস্থ্য বিভাগৰ পদসমূহ ইতিমধ্যে গঠিত ব’ৰ্ড, কমিটীৰ জৰিয়তে বাছনি প্রক্রিয়া অনুষ্ঠিত কৰাৰ চিন্তা–চর্চা কৰিছে৷ সেইদৰে গৃহ বিভাগৰ আর্হিত বন বিভাগৰ বেটেলিয়নৰ পদসমূহ পূৰণ কৰাৰ পোষকতা কৰিছে৷ আনবোৰ পদৰ ক্ষেত্রত চৰকাৰে ইণ্টাৰনেল ৰিক্রুইটমেণ্ট কমিছন (নন–টেকনিকেল) আৰু ইণ্টাৰনেল ৰিক্রুইটমেণ্ট কমিছন (টেকনিকেল) গঠন কৰি পূৰণত গুৰুত্ব দিছে৷
সূত্রটোৱে জানিবলৈ দিয়া মতে, বিভিন্ন বিভাগৰ চাকৰি সেৱাবিধিৰ সংশোধনী ঘটাই আসন্ন বিধানসভাৰ শীতকালীন অধিৱেশনতে এখন আইন প্রণয়ন কৰিব৷ এইক্ষেত্রত যাতে চৰকাৰ খৰতকীয়া গতিৰে আগবাঢ়িব পাৰে, তাৰ বাবে প্রতিটো বিভাগকে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা নির্দেশ দিয়া হৈছে৷ এই পদক্ষেপ গ্রহণৰ পূর্বে চৰকাৰে পোনপটীয়া নিযুক্তিৰ বাবে আইন বিভাগৰ পৰাও প্রয়োজনীয় পৰামর্শ গ্রহণ কৰিব৷ ইণ্টাৰনেল ৰিক্রুইটমেণ্ট কমিছন এগৰাকী অতিৰিক্ত মুখ্য সচিবৰ অধ্যক্ষতাত আয়ুক্ত সচিব পর্যায়ৰ দুজন সদস্যসহ গঠন কৰাৰো পোষকতা কৰিছে৷ এই প্রক্রিয়াৰে বাছনি কৰা প্রার্থীসকলক পৰৱর্তী পর্যায়ত বিভাগসমূহত আবণ্টন দিয়া হ’ব৷ মূলতঃ নিযুক্তি প্রক্রিয়া স্বচ্ছ, নিকা কৰাৰ লগতে বিভিন্ন মেৰপেঁচত পৰি সমগ্র অভিযানটোত যাতে কোনো খেলিমেলি, অনিয়ম সৃষ্টি নহয়, তাৰ বাবে চৰকাৰে এনেধৰণৰ পদক্ষেপ গ্রহণ কৰিব বিচাৰিছে৷ পূর্বতে বিভিন্ন সময়ত চৰকাৰে বিভিন্ন বিভাগত খালী পদ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ কৰি প্রার্থীসকলৰ পৰা আবেদন গ্রহণ কৰে যদিও পৰৱর্তী পর্যায়ত বিভাগসমূহে সেই পদ পূৰণত ব্যর্থ হোৱা বাবেই চৰকাৰে সমগ্র প্রক্রিয়াটো সৰলীকৰণ কৰি প্রার্থীসকলক অযথা হাৰাশাস্তিৰ পৰা ৰেহাই দিয়াৰ লগতে নির্ধাৰিত সময়ত এইবাৰ ঘোষিত লক্ষ্য পূৰণত অগ্রাধিকাৰ দিছে৷