ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত টেক্সি চলাইছিল ৰুছ ৰাষ্ট্রপতি পুটিনে
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ পৰিয়ালৰ প্রয়োজনত ৰাছিয়াৰ বর্তমানৰ ৰাষ্ট্রপতি তথা বিশ্বৰ অন্যতম প্রভাৱশালী নেতা ভ্লাডিমিৰ পুটিনে টেক্সি চলাবলগীয়াও হৈছিল৷ এই কথা উল্লেখ কৰিছে পুটিনে নিজেই৷ ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত ৰাছিয়াৰ অধিকাংশ মানুহৰ আর্থিক অৱস্থা ভাগি পৰিছিল৷ পুটিনৰ জীৱনলৈও নামি আহিছিল দুর্দশা৷ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ নিজেই টেক্সি চলাবলৈ লৈছিল পুটিনে৷ ৰুছ চৰকাৰ পৰিচালিত আৰ আই এ ন’ভোষ্টিৰ তৰফৰ পৰা এক তথ্যচিত্র নির্মাণ কৰা হৈছে৷ এই তথ্যচিত্রত পুটিনে ছোভিয়েটৰ পতনৰ পিছত ৰাছিয়াৰ দুর্দশাৰ কথা উল্লেখ কৰিছে৷ তিনি দশক পূর্বে ছোভিয়েট ইউনিয়নৰ পতন আছিল ৰাছিয়াবাসীৰ বাবে আটাইতকৈ ভয়াৱহ ঘটনা৷ স্মর্তব্য যে বিগত শতিকাৰ ৯০ৰ দশকটোৰ আৰম্ভণিতে ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত ৰাছিয়াত চৰম দাৰিদ্র্যই দেখা দিছিল৷