উত্তৰবহীৰ নহয়, ৰাকেশ পালে বঢ়াই দিয়া নম্বৰহে আপলোড হৈছিল আয়োগৰ ৱেবছাইটত
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ দুর্নীতি–নিয়ম, স্বজনতোষণেৰে অসম লোকসেৱা আয়োগ (এপিএছচি)ক কলংকিত কৰা ৰাকেশ পালৰ কার্যকালত সংঘটিত এটাৰ পাছত আন এটা কেলেংকাৰি পোহৰলৈ আহিছে৷ শেহতীয়াকৈ ২০১৩ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ টেবুলেচন শ্বীট ফাদিল হোৱাৰ পাছত এই পৰীক্ষাত ৰাকেশ পালে সংঘটিত কৰা কেতবোৰ গুৰুতৰ অনিয়ম উন্মোচিত হৈছে৷ ধনৰ মোনাৰ বিনিময়ত মন পছন্দৰ প্রার্থীসকলক পৰীক্ষাত উত্তীর্ণ কৰি দিয়াৰ বাবে টেবুলেচন শ্বীটত বহুসংখ্যক নম্বৰ বৃদ্ধি কৰি দিয়াৰ তথ্য পোহৰলৈ আহিছে৷
লক্ষণীয়ভাৱে তেওঁৰ আশিসধন্য হৈ এপিএছচিৰ পৰীক্ষাত উত্তীর্ণ হোৱা পৰীক্ষার্থীসকলৰ ক্ষেত্রত হোৱা অনিয়ম লুকুৱাবলৈ আশ্রয় লৈছিল বিভিন্ন পন্থাৰ আৰু ইয়াৰ অংশ হিচাপে এপিএছচিৰ ৱেবছাইটত প্রার্থীসকলে প্রকৃত উত্তৰবহীত লাভ কৰা নম্বৰ উল্লেখ কৰা হোৱা নাছিল৷ বৰঞ্চ টেবুলেচন শ্বীটত ৰাকেশ পালে নিজে বঢ়াই দিয়া নম্বৰহে ৱেবছাইটত সেইসময়ত আপলোড কৰা হৈছিল, যাতে পৰৱর্তী সময়ত এই দুর্নীতিৰ তথ্য কোনো কাৰণতে পোহৰলৈ নাহে৷ একপ্রকাৰ সমগ্র এপিএছচিৰ ব্যৱস্থাটোকে নিজৰ হাতৰ মুঠিত ৰাখি চলাবলৈ কুণ্ঠাবোধ কৰা নাছিল এইগৰাকী বিতর্কিত আৰু দুর্নীতিগ্রস্ত অধ্যক্ষই৷ উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পাছত এনছাৰ কীৰ লগতে পৰীক্ষার্থীসকলৰ নম্বৰৰ তালিকা ৱেবছাইটত আপলোড কৰাটো বাধ্যতামূলক৷
সেই অনুসৰিয়েই বিভিন্ন সময়ত অনুষ্ঠিত পৰীক্ষাৰ প্রার্থীসকলৰ বিষয়সমূহত লাভ কৰা নম্বৰসহ আন আন তথ্য ৱেবছাইটত আপলোড কৰা হয়৷ সেই অনুসৰি ২০১৩ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হোৱা প্রার্থীসকলৰ নম্বৰৰ তালিকাও প্রকাশ কৰা হৈছিল ৱেবছাইটত৷ প্রকৃততে তেওঁলোকে উত্তৰবহীত লাভ কৰা নম্বৰ এই ৱেবছাইটত সঠিক তথ্য হিচাপে আপলোড কৰাটো জৰুৰী৷ কিন্তু পৱিত্র কৈৱর্তৰ সহযোগত ৰাকেশ পালে টেবুলেচন শ্বীটত বঢ়াই দিয়া নম্বৰৰ তালিকাহে সেই সময়ত আপলোড কৰা হৈছিল ৱেবছাইটত৷
শেহতীয়াকৈ আৰক্ষীয়ে ভঙাগড়স্থিত ৰাকেশ পালৰ বাসগৃহৰ পৰা জব্দ কৰা টেবুলেচন শ্বীট প্রত্যক্ষ কৰাৰ পাছত এই তথ্য পোহৰলৈ আহিছে৷ ইতিমধ্যে আজিৰ সংখ্যাৰ ‘নিয়মীয়া বার্তা’ কাকতত প্রকাশ পাইছে কিদৰে মন পছন্দৰ প্রার্থীক টেবুলেচন শ্বীটত নম্বৰ বঢ়াই দি একাংশ প্রার্থীক পৰীক্ষাত উত্তীর্ণ কৰোৱাই ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীত নিযুক্তি লাভৰ পথ প্রশস্ত কৰি দিছিল দুর্নীতিৰ সদাগৰ ৰাকেশ পালে৷ কিন্তু লক্ষণীয়ভাৱে ৰাকেশ পালে বঢ়াই দিয়া নম্বৰেৰে উত্তীর্ণ হৈ ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদত নিযুক্তি লাভ কৰাৰ পাছতো এনে ৰাজপত্রিত বিষয়াক এতিয়াও গ্রেপ্তাৰ কৰা নাই তদন্তকাৰী আৰক্ষীয়ে৷ যাক লৈ সৃষ্টি হৈছে ৰহস্যৰ৷ একেই অভিযোগত একাংশ প্রার্থীক গ্রেপ্তাৰ কৰাৰ পাছত আন একাংশ কিদৰে একেই অনিয়ম সংঘটিত কৰাৰ পাছতো গ্রেপ্তাৰৰ পৰা হাত সাৰি আছে সেয়াও নুবুজা সাঁথৰ হৈ পৰিছে৷ ৰাকেশ পালৰ আশিসধন্য হৈ চাকৰি লাভ কৰা এইসকল বিষয়াক কেতিয়া আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব সেয়া এইমুহূর্তত আটাইতকৈ ডাঙৰ প্রশ্ণ হিচাপে বিবেচিত হৈছে৷