গুৱাহাটী বিশ্ববিদ্যালয়ত ড০ অনামিকা ৰায় ৰাষ্ট্ৰীয় বক্তৃতানুষ্ঠানত অধ্যাপক উজ্বল চৌধুৰী
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ বিগত কেইবছৰৰ দৰে এইবেলিও ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে (ARMT) সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক ভৱনৰ সভাগৃহত অনুষ্ঠিত কৰে পঞ্চম বাৰ্ষিক ডঃ অনামিকা ৰায় ৰাষ্ট্রীয় বক্তৃতানুস্থান । এইবাৰৰ বক্তৃতানুস্থানৰ মূল বিষয় আছিল “COVID Impact on Media and Entertainment: Possible Trends Ahead”। আনহাতে বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে গ্লোবেল মিডিয়া এডুকেশ্বন কাউন্সিলৰ সচিব অধ্যাপক উজ্জ্বল চৌধুৰীয়ে । ভাষণত অধ্যাপক উজ্জ্বল চৌধুৰীয়ে কয় বিগত বৰ্ষত ক’ভিডে বিভিন্ন ক্ষেত্ৰত যথেষ্ট ক্ষতিসাধন কৰিছে । বহুতে চাকৰি হেৰুৱাইছে আৰু সমগ্ৰ বিশ্বতে সৰু ডাঙৰ সংবাদ প্ৰতিষ্ঠান ক’ভিডৰ বাবে অচল হৈ পৰিছে ।
অৱশ্যে এই পৰিস্থিতিৰ মাজতো বিভিন্ন ৱেবপৰ্টেল , অ টি টি প্লেটফৰ্ম , ম’বাইল জাৰ্নেলিজিম ( Mojo ) আদিয়ে মনোৰঞ্জন প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি অধ্যাপক উজ্বল চৌধুৰীয়ে ব্যক্ত কৰে । অনুষ্ঠানত ডঃ অনামিকা ৰায় আৰু ডঃ অংকুৰণ দত্তৰ দ্বাৰা লিখিত আৰু পশ্চিমবংগ চৰকাৰৰ দ্বাৰা প্ৰকাশিত “জ্ঞাপন গৱেষণা” নামৰ গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ প্ৰতাপজ্যোতি সন্দিকৈয়ে । ন্যাসৰ উপাধ্যক্ষ ৰজত বৰণ মহন্তৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বহু শিক্ষক – শিক্ষাৰ্থী, গৱেষক উপস্থিত থাকে ।