৫০ লাখ টকা উৎকোচ লৈ CBIৰ জালত NF ৰে’লৱেৰ মুখ্য কাৰিকৰী বিষয়া
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ চিবিআইৰ জালত পৰিছে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰিকৰী বিষয়া। ৫০ লাখ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল NF ৰে’লৱেৰ মুখ্য কাৰিকৰী বিষয়া ৰঞ্জিত কুমাৰ বৰা। ঠিকা দিয়াৰ নামত আঢ়ৈ কোটি টকা বিচাৰিছিল বিষয়াগৰাকীয়ে। উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ কাৰ্যালয়তে আজি ৫০ লাখ টকা আগধন লৈ আটক হ’ল বিষয়াগৰাকী। ইফালে উৎকোচ দিয়া প্ৰতিষ্ঠানকো গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে।
উল্লেখ্য যে ঠিকা আবণ্টন দিয়াৰ নামত ৰঞ্জিত কুমাৰ বৰাৰ বিৰুদ্ধে পূৰ্বৰে পৰা বহু অভিযোগ আছিল।