নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপৰ বিধায়ক দ্বয় প্ৰদীপ হাজৰিকা আৰু পুনাকণ বৰুৱাৰ উপস্থিত আগন্তক পৌৰসভা নিৰ্বাচন সন্দৰ্ভত মাৰ্ঘেৰিটাত ৰনকৌশল প্ৰস্তত

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ  আগন্তক পৌৰসভাৰ নিৰ্বাচন সন্দৰ্ভত ৰণকৌশল প্ৰস্তুত কৰাৰ উদেশ্য আজি অসম গণ পৰিষদ মাৰ্ঘেৰিটা সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা খণ্ড উন্নয় সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। আজিৰ সভাত অগপৰ বিধায়ক দ্বয় ক্ৰমে প্ৰদীপ হাজৰিকা আৰু পুনাকণ বৰুৱা উপস্থিত থাকে। অগপ মাৰ্ঘেৰিটা বিধান পৰিষদৰ নেতা লবন কুমাৰ দহোটিয়াই পৌৰোহিত্য কৰা সভাৰ আঁ‌ত ধৰে অগপ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য সঞ্জীৱ বৰাই। আগন্তক পৌৰসভা নিৰ্বাচন সম্পৰ্কে আজিৰ অগপ’ৰ সভাত আলোচনা কৰাৰ অৰ্থে এই সভা অনুষ্ঠিত হয়। অগপ তিনিচুকীয়া জিলা সমিতি, মাৰ্ঘেৰিটা অগপ মহিলা পৰিষদ, অগপ যুৱ পৰিষদৰ বিষয়ববীয়া উপস্থিত থকা সভাত আগন্তক মাৰ্ঘেৰিটা পৌৰসভাৰ নিৰ্বচনৰ ৰণকৌশল কেনেধৰণৰ হ’ব সেই সন্দৰ্ভত আজিৰ সভাত আলোচনা কৰা হয়। এই সভাৰ জৰিয়তে মাৰ্ঘেৰিটা পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডত প্ৰাৰ্থীত প্ৰদানৰ লগতে অন্যান্য বিষয় সমূহ অলোচনা কৰা হয়।

কেন্দ্ৰীয় ভাৱে বিজেপিৰে মিত্ৰতা আছে যদিও পৌৰসভাৰ নিৰ্বাচনত অগপ বিজেপিৰে মিত্ৰতা হ’ব নে অকলেই নিৰ্বাচনত যুঁজিব সেই সন্দৰ্ভত কেন্দ্ৰীয় সমিতিয়ে চূড়ান্ত সিদ্ধান্ত ল’ব বুলি জানিব পৰা গৈছে। অন্যহাতে অনতিপ্ৰলমে মাৰ্ঘেৰিটাত অগপৰ কাৰ্যালয় মুকলি, মাৰ্ঘেৰিটা পৌৰসভা নিৰ্বচানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লগা প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ লগতে বৃহত্তৰ মাৰ্ঘেৰিটা পৌৰসভাত অগপই নিৰ্বাচনী প্ৰচাৰ কি দৰে চলাব সেই সন্দৰ্ভত অনতিপ্ৰলমে মাৰ্ঘেৰিটাত দলৰ তৰফৰ পৰা সভা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বিগত মাৰ্ঘেৰিটা নগৰ সমিতি বৰ্তমানে পৌৰসভালৈ উন্নতি হোৱা মাৰ্ঘেৰিটা পৌৰসভাৰ প্ৰায়কেইখন আখনতেই বিজেপি প্ৰাৰ্থীয়ে জয় লাভ কৰাৰ লগতে বৰ্তমান সময়ত বিজেপি দল মাৰ্ঘেৰিটাত শক্তিশালীস্থিত থকাৰ সময়ত মাৰ্ঘেৰিটাত অগপই শক্তিশালী বিজেপিৰ বিৰুদ্ধে যদি অকলেই নিৰ্বাচনত প্ৰাৰ্থী আগবঢ়াই তেনেক্ষেত্ৰত দুইটা দলৰ কেন্দ্ৰীয় নেতৃত্বই কেনেধৰণৰ সিদ্ধান্তত উপনিত হয় সেইয়া সময়ত লক্ষণীয় হ’ব। আজিৰ সভাত উপস্থিত হোৱা অগপ কেন্দ্ৰীয় সম্পাদক তথা বিধায়ক দ্বয় ক্ৰমে প্ৰদীপ হাজৰিকা আৰু পুণাকণ বৰুৱাক মাৰ্ঘেৰিটা অগপৰ তৰফৰ পৰা উস্ম আদৰণি জনোৱা হয়। আজিৰ সভাতেই আগন্তক পৌৰসভা নিৰ্বাচনৰ প্ৰতিলক্ষ ৰাখি সঞ্জীব বৰাক সভাপতি আৰু উজীৰ আলম খানক সম্পাদক হিচাপে লৈ নিৰ্বাচনী মেনেজমেণ্ট কমিটি এখন গঠন কৰি দিয়া হয়।

You might also like