নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ক্রিকেট সন্থাৰ প্রাক্তন সম্পাদক প্রদীপ বুঢ়াগোহাঁইক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ তিনিবছৰীয়া কার্যকালত ব্যাপক বিত্তীয় খেলিমেলি সংঘটিত কৰা অসম ক্রিকেট সন্থা (এচিএ)ৰ প্রাক্তন সম্পাদক প্রদীপ বুঢ়াগোহাঁইক বুধবাৰে ফটাশিল আৰক্ষী থানাই ধন আত্মসাতৰ অভিযোগত টিংখাঙত গ্রেপ্তাৰ কৰে৷

উল্লেখ্য যে এচিএৰ সম্পাদকৰ আসনত বহি তিনিবছৰীয়া কার্যকালত কোটি কোটি টকাৰ বিত্তীয় খেলিমেলি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল প্রদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে৷ প্রায় ১০ কোটি টকাৰ বিত্তীয় খেলিমেলি সংঘটিত কৰা প্রদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে এচিএই গঠন কৰা বিত্তীয় পর্যবেক্ষণ সমিতিয়ে একাধিক অনিয়ম ধৰা পেলাবলৈ সক্ষম হৈছে৷ ইয়াৰ পাছতে জামছেদ খানৰ নেতৃত্বত এচিএই গঠন কৰি দিয়া পর্যবেক্ষণ কমিটীয়ে প্রদীপ বুঢ়াগোহাঁয়ে ২০১৬–২০১৯ চনৰ ভিতৰত এই তিনিবছৰীয়া কার্যকালত সংঘটিত কৰা বহু অনিয়মৰ তথ্য পোহৰলৈ আনে৷

উত্থাপিত অভিযোগ অনুসৰি নিজৰ পৰিয়ালৰ নামতো অসম ক্রিকেট সন্থাৰ এচিএৰ ধন ব্যয় কৰিছিল৷ আনকি প্রদীপ বুঢ়াগোহাঁয়ে তেওঁৰ পুত্রৰ বিমানযাত্রাৰ টিকটো এচিএৰ ধনেৰে ক্রয় কৰিছিল৷ তদুপৰি বর্ষাপাৰাৰ ক্রিকেট ষ্টেডিয়াম নির্মাণৰ ক্ষেত্রতো যথেষ্ট খেলিমেলি সৃষ্টি কৰা প্রদীপ বুঢ়াগোহাঁয়ে এই নির্মাণতো বিত্তীয় কেলেংকাৰি সংঘটিত কৰিছিল৷ এচিএৰ প্রাক্তন সম্পাদকজনৰ বিৰুদ্ধে জামছেদ খানৰ নেতৃত্বত পর্যবেক্ষণ কমিটীয়ে দিয়া প্রতিবেদনৰ ওপৰত শেহতীয়াকৈ কাজিৰঙাত অনুষ্ঠিত এচিএৰ কার্যনির্বাহক বৈঠকত বিষয়টো আলোচনা কৰি উক্ত কেলেংকাৰিৰ বাবে আৰক্ষীত গোচৰ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷

সেইমর্মে এচিএৰ চিইঅ’ প্রীতম মহন্তই ফটাশিল আৰক্ষী থানাত তৰা এক গোচৰৰ ভিত্তিত কালি টিংখাঙত প্রদীপ বুঢ়াগোহাঁইক গ্রেপ্তাৰ কৰা হয়৷ এচিএৰ তথ্য অনুসৰি প্রদীপ বুঢ়াগোহাঁইৰ কার্যকালত সংঘটিত বিত্তীয় খেলিমেলি ধৰা পৰাৰ পাছত উক্ত ধনৰাশি তেওঁক ওভতাই দিবলৈ ক্রিকেট সন্থাই লিখিতভাৱে তেওঁক জনাইছিল যদিও নির্দিষ্ট সময় পাৰ হৈ যোৱাৰ পাছতো এচিএৰ পত্রৰ ওপৰত কোনো গুৰুত্ব নিদিলে৷ যাৰ বাবে এচিএই আৰক্ষী থানাত গোচৰ তৰিবলৈ বাধ্য হয়৷

You might also like